নিউজিলেণ্ডৰ বিৰুদ্ধে টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ ৪ উইকেটত ৰোমাঞ্চকৰ জয়

নিউজিলেণ্ডৰ বিৰুদ্ধে ক্রাইষ্টচাৰ্ছৰ হেগলে অ’ভেলত অনুষ্ঠিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে ৪ উইকেটত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে। এই জয়েৰে ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে ৫ খন খেলৰ শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হয়।

খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ১৮১ ৰান ভাৰতে এটা বল বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়। ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই সংকটত পৰিছিল যদিও তিলক বার্মা, নমন ধীৰ আৰু নীতিশ কুমাৰ ৰেড্ডীৰ দৰ্শনীয় বেটিঙৰ সহায়েৰে বিজয় অৰ্জন কৰে।

নমন ধীৰ ৩১ ৰান কৰি আউট হ’লেও তিলক বাৰ্মাই ৫১ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ২৬ ৰান কৰি অপৰাজিত হৈ ৰয়। অভিষেক শৰ্মাই ২৭ ৰানৰ বৰঙনি আগবঢ়ায়। আঘাতপ্রাপ্ত ঈশান কিষাণৰ পৰিৱৰ্তে বৈভৱ সূৰ্যবংশীয়ে মূল একাদশত স্থান পালেও ৪ ৰান কৰিবলৈহে সমর্থ হয়। বলিঙত নিউজডিলেণ্ডৰ মিচেল চেণ্টনাৰে ৪ টা উইকেট দখল কৰে।

উল্লেখযোগ্য যে খেলখনত টচত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত ৫ উইকেটৰ বিনিময়ত ১৮০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ প্লেন ফিলিপ্‌চে ৭০ আৰু বেভন জেকবচে ৫৮ ৰানৰ বৰঙনি আগবঢ়ায়। বলিঙত অশদ্বীপ সিঙে ২টা উইকেট দখল কৰে৷ শৃংখলাৰ তৃতীয়খন খেল অহা মঙলবাৰে ৱেলিংটনত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।