টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৪ উইকেটত জয়লাভ

নিউজিলেণ্ডৰ বিৰুদ্ধে আজি ক্রাইষ্টচাৰ্চৰ হেগলী অভেলত অনুষ্ঠিত টি -২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৪ উইকেটত জয়লাভ কৰিছে। ৰোমাঞ্চকৰ খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২২৬ ৰাণ ভাৰতীয় দলটোৱে দুটা বল বাকী থকা অৱস্থাত ছটা উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়।

ভাৰতৰ হৈ বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে সঞ্জু চেমচনে ৩৩ টা বলত ৬৭, অধিনায়ক শ্রেয়াছ আয়াৰে ২৮ টা বলত ৪২, অভিষেক শর্মাই ১২ টা বলত ২৯ আৰু অক্ষৰ পেটেলে ১৪ টা বলত ২৪ ৰাণ কৰি আউট হলেও নমন ধীৰে ১৫ টা বলত ৪২ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ঘৰুৱা দল নিউজিলেণ্ডে নির্ধাৰিত অভাৰত ৪ টা উইকেট হেৰুৱাই ২২৫ ৰান কৰে।

দলৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক ৮২ ৰান কৰাৰ লগতে ফিন এলেনে ৪৫, বেভন জেকবছে ৩১, ডেৰিল মিছেলে ২৮ আৰু টিম ছেইফাৰ্টে ২৪ ৰানৰ বৰঙণি আগবঢ়ায়। আজিৰ এই জয়েৰে ভাৰতীয় দলটোৱে ৫ খন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিলে।