এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন ভাৰতৰ

ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ফাইনেলত পাকিস্তানক ১৯ ৰানত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে।

খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ অভিষেক শর্মাই ৬১ ৰান আৰু তিলক বাৰ্মাই ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত পাকিস্তানে ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৯২ ৰানহে কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।