October 3, 2026 4:50 PM

views 5

এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন ভাৰতৰ

ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ফাইনেলত পাকিস্তানক ১৯ ৰানত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শর্মাই ৬১ ৰান আৰু তিলক বাৰ্মাই ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত পাকিস্তানে ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৯২ ৰানহে কৰিবলৈ সমৰ্থ হয়।

July 22, 2026 10:46 AM

views 36

জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া T-20 শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে জিম্বাব'ৱেৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া T-20 শৃংখলাৰ বাবে অসমৰ কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিছে। তেওঁ ২৮ জুলাইলৈ হ'বলগীয়া ভাৰতীয় দলৰ জিম্বাব'ৱে ভ্ৰমণৰ এই দায়িত্ব পালন কৰিব। ভাৰতীয় দলটোৱে হাৰাৰে'ত অহা ২৩, ২৫ আৰু ২৬ জুলাইত ঘৰুৱা দলটোৰ বিৰুদ্ধে টী-২০ শৃংখলাৰ খেলকেইখনত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে শ্রেয়াস আয়াৰক এই শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰা হৈছে।

January 3, 2026 6:35 PM

views 47

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান জনাইছে। কলকাতা নাইট ৰাইদাৰ্ছ দলে যোৱামাহত হোৱা খেলুৱৈৰ নিলামীৰ সময়ত চেন্নাই ছুপাৰ কিংছ আৰু ডেলহি কেপিটেলছৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ অন্তত ৩০ বছৰীয়া বাওহতীয়া খেলুৱৈগৰাকীক ৯ কোটি ২০ লাখ টকাত দলত অন্তর্ভুক্ত কৰিবলৈ সমৰ্থ হৈছিল। বিচিচিআইৰ সচিব দেৱজীত শ‍ইকীয়া কৈছে যে, কলকাতা দলে মুস্তাফিজুৰ ৰহমানৰ ঠাইত প্রয়োজন হ'লে আন এগৰাকী খেলুৱৈক দলত অন্...

November 4, 2025 11:54 AM

views 75

মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ

◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই বি চি চি আইৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টাক সাকাৰৰূপ দিয়া বুলি বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱ...

May 24, 2025 6:31 PM

views 68

সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দলটো ঘোষণা কৰিছে। শুভমন গিল নেতৃত্বাধীন জাতীয় দলটোত ছাই সুদর্শন নতুন মুখ হিচাপে স্থান লাভ কৰিছে। আনহাতে দীৰ্ঘদিনৰ মূৰত জাতীয় টেষ্ট দলত কৰুণ নায়াৰে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। উইকেট ৰক্ষক-বেটাৰ ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে ৰাষ্ট্ৰীয় নির্বাচক মণ্ডলীয়ে নিযুক্তি দিছে। দলটোত ছাই সুদৰ্শন, কৰুণ নায়াৰৰ লগতে পেচ বলাৰ অশ্বদীপ সিং, বেটাৰ অভিমন্যু ইশ্বৰণে সুযোগ লাভ কৰিছে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পাছত ভাৰতীয় টে...

April 21, 2025 8:22 PM

views 78

বিচিচিআইৰ ২০২৪-২৫ ক্রিকেট বৰ্ষৰ ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বিচিচিআইয়ে ২০২৪-২৫ ক্রিকেট বৰ্ষৰ বাবে ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ কৰিছে। বিচিচিআইয়ে আজি মুম্বাইত প্ৰকাশ কৰা তালিকা অনুসৰি যোৱা বছৰৰ এক অক্টোবৰৰ পৰা এই বছৰৰ ৩০ চেপ্তেম্বৰলৈ ক্ৰিকেটাৰসকলৰ এই নিৰিখ কাৰ্যকৰী হৈছে। টি টুৱেন্টি ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা সত্তেও ভাৰতীয় টেষ্ট ক্রিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, আৰু ৰবীন্দ্ৰ জাদেজাক এ প্লাছ শ্রেণীতে ৰখা হৈছে। এই শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা আন খেলুৱৈগৰাকী হৈছে বেগী বলাৰ যশপ্রীত বু...

March 21, 2025 6:23 PM

views 69

আই পি এলত বলত লালতি লগোৱা কাৰ্যত থকা নিষেধাজ্ঞা প্রত্যাহাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাবে বলত লালতি লগোৱা কাৰ্যত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে আই পি এল, কোভিড কালত থকা এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰা প্ৰথমখন বৃহৎ পৰিসৰৰ লীগ খেল হিচাপে পৰিগণিত হ'ল। ২০২০ চনত মহামাৰীৰ সময়ছোৱাত আই চি চিয়ে বহু বছৰ পূৰ্বৰে পৰা চলি থকা বলত লালতি লগোৱা এই কাৰ্যৰ ওপৰত স্বাস্থ্যজনিত কাৰণত বাধা আৰোপ কৰিছিল। ২০২২ চনত আই চি চিয়ে এই নিষেধাজ্ঞা স্থায়ীভাৱে পালন কৰাৰ পোষকতা কৰে আৰু আই পি এলৰ খেলসমূহতো এই নিয়ম প্রযোজ্য হয়। আই পি এ...

March 20, 2025 4:18 PM

views 62

বিচিচিআয়ে চলিত বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আয়ে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষককে ধৰি পুৰুষ দলৰ খেলুৱৈ নিৰ্বাচন সমিতিৰ সদস্য তথা আন সহযোগীসকলক এনেদৰে সন্মানিত কৰা হৈছে বুলি বি চি চি আয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা ৯ মাৰ্চত ডুমাইত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে এই ন...

February 18, 2025 12:05 PM

views 67

সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি বিচিচি আইৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বিচিচিআয়ে খেলুৱৈসকলৰ জাৰ্চিৰ আলোকচিত্র শ্বেয়াৰ কৰে। ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে পৰিধান কৰা নীলা ৰঙৰ জাৰ্চিৰ বাহুত ট্রাই কালাৰৰ লগতে চেম্পিয়ন ট্ৰফীৰ ল'গ' থাকিব। ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

January 18, 2025 8:38 PM

views 65

আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। কুলদীপ যাদৱ, যশপ্রীত বুমৰা আৰু মহম্মদ শ্বামীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিবলগীয়া এই দলটোত সুভমন গীল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট, হার্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পাৰ্টেল, ৱাশ্বিংটন সুন্দৰ আৰু আশদ্বীপ সিঙে স্থান লাভ কৰিছে। ভাৰতে ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্...