January 18, 2025 8:38 PM | BCCI

printer

আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ‘বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। কুলদীপ যাদৱ, যশপ্রীত বুমৰা আৰু মহম্মদ শ্বামীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিবলগীয়া এই দলটোত সুভমন গীল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট, হার্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পাৰ্টেল, ৱাশ্বিংটন সুন্দৰ আৰু আশদ্বীপ সিঙে স্থান লাভ কৰিছে। ভাৰতে ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ‘বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাৰ বাবে ডুবাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে ৬, ৯ আৰু ১২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেলত অৱতীৰ্ণ হ‘ব। ভাৰতক চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এত স্থান দিয়া হৈছে আৰু দলটোৱে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ‘ব। ভাৰত ২৩ ফেব্ৰুৱাৰীত পাকিস্তান আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ সন্মুখীন হ‘ব। ভাৰতৰ আটাইকেখন খেল ডুবাইত অনুষ্ঠিত হ‘ব। উল্লেখযোগ্য যে ভাৰতীয় ক্রিকেট দলে পাকিস্তানত অনুষ্ঠিত কোনো খেলত অংশগ্রহণ নকৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত দলটোৱে খেলিবলগীয়া প্ৰতিখন খেল ডুবাইৰ আন্তৰ্জাতিক ক্রিকেট ষ্টেডিয়ামত খেলোৱাৰ দিহা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।