ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া T-20 শৃংখলাৰ বাবে অসমৰ কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিছে। তেওঁ ২৮ জুলাইলৈ হ’বলগীয়া ভাৰতীয় দলৰ জিম্বাব’ৱে ভ্ৰমণৰ এই দায়িত্ব পালন কৰিব।
ভাৰতীয় দলটোৱে হাৰাৰে’ত অহা ২৩, ২৫ আৰু ২৬ জুলাইত ঘৰুৱা দলটোৰ বিৰুদ্ধে টী-২০ শৃংখলাৰ খেলকেইখনত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে শ্রেয়াস আয়াৰক এই শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰা হৈছে।