January 5, 2025 8:48 PM

views 62

বিচিচিআইৰ শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা

ভাৰতৰ বিশেষভাৱে সক্ষম ক্রিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাচনি কমিটিয়ে আজি শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। অহা ১২ জানুৱাৰীৰ পৰা শ্ৰীলংকাত এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিক্ৰান্ত ৰবীন্দ্ৰ কেনিক ভাৰতীয় দলৰ অধিনায়ক হিচাপে বাচনি কৰা হৈছে। ২০১৯ চনত পোনপ্ৰথমবাৰৰ বাবে শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈসকলৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এইবাৰৰ এই প্ৰতিযোগিতাৰ প্ৰথম দিনা ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন ২১ জানুৱাৰীত অন...

November 22, 2024 8:28 PM

views 56

আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা বি চি চি আয়ৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এলৰ ২০২৫ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ২৫ মে'লৈ, ২০২৬ বৰ্ষৰ সংস্কৰণ ১৫ মাৰ্চৰ পৰা ৩১ মে'লৈ আৰু ২০২৭ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ৩০ মে'লৈ অনুষ্ঠিত হ'ব। ২০২৫ বৰ্ষৰ আই পি এলত মুঠ ৭৪খন খেল অনুষ্ঠিত হ'ব।

November 14, 2024 9:39 AM

views 48

ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা কৰিছে। ভাৰতীয় দলটোৱে অহা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ২০২৫ চনৰ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৫ ডিচেম্বৰৰ পৰা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলাৰ আৰম্ভ হ'ব। ইয়াৰ পিছতে ২০২৫বৰ্ষৰ জানুৱাৰীত গুজৰাটৰ ৰাজকোটত হবলগীয়া তিনিখন এদিনীয়া শৃংখলাত ভাৰত, আয়াৰলেণ্ডৰ মুখামুখি হ'ব।

November 13, 2024 6:23 PM

views 66

বৰপেটাত অসম আৰু ঝাৰখণ্ডৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰে পৰা বৰপেটাত অসম আৰু ঝাৰখণ্ডৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। বৰপেটা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই খেলখনত আয়ুষ্মান মালাকাৰে নেতৃত্ব দিয়া অসম দলটোৱে প্ৰথমে বেট ধৰি দিনান্তলৈ প্ৰথম ইনিংছত ৭টা উইকেটৰ বিনিময়ত ১৫৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ঘৰুৱা দলটোৰ হৈ ঋষিকেশ দাসে আজি সর্বাধিক ৮২ ৰান কৰি নটআউট হৈ আছে। উল্লেখযোগ্য যে চাৰিদিনীয়া মেচখনত দুয়োটা দলে দুটাকৈ ইনি...

October 12, 2024 4:06 PM

views 41

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত বুমৰাহ দলৰ উপ অধিনায়ক হ'ব।

July 12, 2024 12:45 PM

views 63

বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ কৰিছে। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ২৬, ২৭ আৰু ২৯ জুলাইত হ'বলগীয়া টি-টুৱেণ্টি খেলেৰে এই ভ্ৰমণ আৰম্ভ হ'ব। ইয়াৰ পাছতে দলটো ১, ৪ আৰু ৭ আগষ্টত কলম্বোৰ আৰ প্রেমাদাসা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৩ খন এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় ক্রিকেট দলটো ২২ জুলাইত শ্ৰীলংকাৰ উপস্থিত হ'ব। নৱনিযুক্ত মুখ্য প্রশিক্ষণ গৌতম গম্ভীৰৰ অধীনত এয়া ভাৰতৰ প্ৰথম শৃংখলা হ'ব। অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ খ...