ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰে পৰা বৰপেটাত অসম আৰু ঝাৰখণ্ডৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। বৰপেটা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই খেলখনত আয়ুষ্মান মালাকাৰে নেতৃত্ব দিয়া অসম দলটোৱে প্ৰথমে বেট ধৰি দিনান্তলৈ প্ৰথম ইনিংছত ৭টা উইকেটৰ বিনিময়ত ১৫৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ঘৰুৱা দলটোৰ হৈ ঋষিকেশ দাসে আজি সর্বাধিক ৮২ ৰান কৰি নটআউট হৈ আছে। উল্লেখযোগ্য যে চাৰিদিনীয়া মেচখনত দুয়োটা দলে দুটাকৈ ইনিংছ খেলিব।
Assamese | November 13, 2024 6:23 PM | BCCI
বৰপেটাত অসম আৰু ঝাৰখণ্ডৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত