November 14, 2024 9:39 AM | BCCI | Cricket | SPORTS

printer

ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা কৰিছে। ভাৰতীয় দলটোৱে অহা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ২০২৫ চনৰ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ১৫ ডিচেম্বৰৰ পৰা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলাৰ আৰম্ভ হ’ব। ইয়াৰ পিছতে ২০২৫বৰ্ষৰ জানুৱাৰীত গুজৰাটৰ ৰাজকোটত হবলগীয়া তিনিখন এদিনীয়া শৃংখলাত ভাৰত, আয়াৰলেণ্ডৰ মুখামুখি হ’ব।