সেনাপ্রধান জেনেৰেল ধীৰাজ শেঠে আজিৰে পৰা চাৰিদিনীয়া ভ্রমণসূচীৰে চেক গণৰাজ্যলৈ ৰাওনা হ’ব। ভ্ৰমণৰ সময়ছোৱাত জেনেৰেল শেঠে প্ৰাগৰ জেনেৰেল ষ্টাফ মুখ্য কাৰ্যালয়ত জেনেৰেল ষ্টাফৰ প্ৰথম উপ-মুখ্য আৰু প্ৰতিৰক্ষাৰ উপ-মুখ্য লেফটেনেন্ট জেনেৰেল পেট্র’ চেপেলকাকে ধৰি চেক সশস্ত্র বাহিনীৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰ পাছত তেওঁ জেনেৰেল ষ্টাফ মুখ্য কার্যালয়ত শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ প্ৰতিৰক্ষা মন্ত্রালয়ৰ উচ্চ পদস্থ বিষয়াসকলকো সাক্ষাৎ কৰিব। প্ৰতিৰক্ষা মন্ত্রালয়ে কয় যে এই যোগাযোগে সামৰিক সহযোগিতা, প্রশিক্ষণ, আধুনিকীকৰণ আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। কাৰ্যসূচীৰ অংশ হিচাপে জেনেৰেল শেঠে ব্রনোৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু নাট’ৰ যুটীয়া ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু নিউক্লিয়াৰ ডিফেন্স চেণ্টাৰ অৱ এক্সলেন্সো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ সময়ত তেওঁ চেক সশস্ত্র বাহিনীৰ বিশেষ প্রশিক্ষণ, কার্যকৰী ক্ষমতা আৰু প্ৰস্তুতিৰ বিষয়ে অবগত হ’ব। তেওঁ পাছত আন্তঃচৰকাৰী প্ৰতিৰক্ষা সহযোগিতা সংস্থা, প্ৰতিৰক্ষা আৰু নিৰাপত্তা উদ্যোগ সংস্থা আৰু আগশাৰীৰ প্ৰতিৰক্ষা নিৰ্মাতাসকলৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব। এই পাৰস্পৰিক মত বিনিময়ে তেওঁক প্ৰতিৰক্ষা প্রযুক্তি আৰু উদ্যোগত সহযোগিতাৰ ক্ষেত্ৰসমূহ অন্বেষণ কৰাৰ সুযোগ প্রদান কৰিব। মন্ত্রালয়ে কয় যে দ্বিপাক্ষিক প্ৰতিৰক্ষা শক্তিশালী কৰা, সহযোগিতা, সামৰিক সংযোগ স্থাপন কৰা আৰু প্ৰতিৰক্ষা প্রযুক্তি তথা উদ্যোগত সহযোগিতা বৃদ্ধি কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য।
Assamese | November 16, 2026 10:20 AM | Army Chief visit in Check Republic
সেনাপ্রধান জেনেৰেল ধীৰাজ শেঠ চাৰিদিনীয়া ভ্রমণসূচীৰে চেক গণৰাজ্যলৈ ৰাওনা