November 16, 2026 10:20 AM
2
সেনাপ্রধান জেনেৰেল ধীৰাজ শেঠ চাৰিদিনীয়া ভ্রমণসূচীৰে চেক গণৰাজ্যলৈ ৰাওনা
সেনাপ্রধান জেনেৰেল ধীৰাজ শেঠে আজিৰে পৰা চাৰিদিনীয়া ভ্রমণসূচীৰে চেক গণৰাজ্যলৈ ৰাওনা হ'ব। ভ্ৰমণৰ সময়ছোৱাত জেনেৰেল শেঠে প্ৰাগৰ জেনেৰেল ষ্টাফ মুখ্য কাৰ্যালয়ত জেনেৰেল ষ্টাফৰ প্ৰথম উপ-মুখ্য আৰু প্ৰতিৰক্ষাৰ উপ-মুখ্য লেফটেনেন্ট জেনেৰেল পেট্র' চেপেলকাকে ধৰি চেক সশস্ত্র বাহিনীৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ জেনেৰেল ষ্টাফ মুখ্য কার্যালয়ত শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ প্ৰতিৰক্ষা মন্ত্রালয়ৰ উচ্চ পদস্থ বিষয়াসকলকো সাক্ষাৎ কৰিব। প্ৰতিৰক্ষা মন্ত্রালয়ে কয় ...