August 5, 2026 4:36 PM

views 14

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পথছোৱা ৪ লেনলৈ উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

শিলচৰৰ মেহেৰপুৰ বীৰবল বজাৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পথছোৱা ৪ লেনলৈ উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত আজি কাছাৰ জিলা প্ৰশাসনে এই অংশত উচ্ছেদ অভিযান চলায়। ৪ লেন প্রকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চৰকাৰে ক্ষতিপূৰ্ণৰো ব্যৱস্থা কৰিছে। প্ৰশাসনে ইতিমধ্যে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা লোকক স্বেচ্ছাই সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। চক্ৰ বিষয়া অৰ্ণৱ কুমাৰ বৰাই সংবাদমাধ্যমৰ আগত জনোৱা মতে, ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে বৈধ প্রতিষ্ঠানসমূহৰ বাবে ক্ষতিপূৰ্ণৰ ব্...

July 17, 2026 8:52 PM

views 13

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ সামৰণি

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্য্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্য্যসূচীসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা চলায়। বৈঠকত জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী, মহামাৰীৰ সময়ত ল'বলগা সাৱধানতা আৰু প্ৰস...

July 17, 2026 8:51 PM

views 21

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰাম মোহন নাইডু আৰু কিৰেণ ৰিজিজুও এই বৈঠকত উপস্থিত থাকে। বৈঠকত বর্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, অহা ২০ তাৰিখে আৰম্ভ হ'বলগীয়া অধিৱেশন ১৩ আগষ্টলৈ চলিব।

July 17, 2026 1:10 PM

views 38

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ

উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞানৰ লগতে গ্রন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। আগ্রহী আৰু অৰ্হতাসম্পন্ন শিক্ষার্থীসকলে এতিয়াৰেপৰা বিশ্ববিদ্যালয়খনত গণিত বিষয়ৰ স্নাতক পাঠ্যক্ৰমতো নামভৰ্তি কৰিব লাগিব। ...