কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ

উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ কৰিছে।

বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞানৰ লগতে গ্রন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। আগ্রহী আৰু অৰ্হতাসম্পন্ন শিক্ষার্থীসকলে এতিয়াৰেপৰা বিশ্ববিদ্যালয়খনত গণিত বিষয়ৰ স্নাতক পাঠ্যক্ৰমতো নামভৰ্তি কৰিব লাগিব।

ইয়াৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ থকাৰ দৰে কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়াই থকা সম্পূর্ণ বহু বিভাগীয় শিক্ষা সেৱা প্ৰদানকাৰীক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ’ল।

ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ গণিত, বিজ্ঞান, প্রযুক্তি বিদ্যা, বাণিজ্যিক প্ৰশাসন আৰু যোগ বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহক বিশ্ববিদ্যালয়সমূহে স্বীকৃতি প্রদান কৰিছিল।