নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ সামৰণি

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্য্যালোচনা বৈঠকৰ আজি সামৰণি পৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্য্যসূচীসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা চলায়।

বৈঠকত জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী, মহামাৰীৰ সময়ত ল’বলগা সাৱধানতা আৰু প্ৰস্তুতি, জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্যৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়৷