July 17, 2026 8:52 PM

views 5

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ সামৰণি

নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্য্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্য্যসূচীসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা চলায়। বৈঠকত জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী, মহামাৰীৰ সময়ত ল'বলগা সাৱধানতা আৰু প্ৰস...

June 4, 2026 3:53 PM

views 25

মেক্স চিকিৎসালয়ৰ মালৱিয়া নগৰৰ অতিথিশালাত সংঘটিত অগ্নিকাণ্ডত আহতসকলৰ স্বাস্থ্যৰ বুজ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি মেক্স চিকিৎসালয়ত মালৱিয়া নগৰৰ অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে যাৱতীয় সকলো সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। কালি এই অগ্নিকাণ্ডত ১২ গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ ২১ জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত ৪...

January 6, 2026 2:23 AM

views 55

দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই কৈছে যে দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে। আজি দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণি ভাষণত শ্ৰীচাক্সেনাই এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে চৰকাৰে ইজ অব্ ডুয়িং বিজনেছ বা ব্যৱসায়ৰ সুচলতাৰ বাবে গ্ৰহণ কৰা পদ্ধতিৰ অধীনত ব্যৱসায়ৰ পদ্ধতিসমূহ সৰল কৰি তোলা হৈছে। দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয় ডিজিটাইজ কৰিবলৈ চৰকাৰে ই-কাৰ্যালয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত প্ৰশাসন ব্যৱস্থা নিক...

December 27, 2025 7:32 PM

views 37

অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আৱকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত ২৮০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে

অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আৱকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত ২৮০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা এই অভিযানৰ সময়ত ৫০৪ জন লোকক আটক কৰা হয় আৰু অসৎ চৰিত্ৰৰ ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানকালত ১২হাজাৰ লিটাৰৰো অবৈধ সুৰা, ২৩১খন মটৰ চাইকেল- স্কুটী আৰু এখন গাড়ী উদ্ধাৰ কৰা হয়।

November 13, 2025 12:49 PM

views 65

আপত্তিজনক মন্তব্যৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ

■ ৰাজ্যত দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্ৰান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি...

November 13, 2025 12:08 PM

views 87

উত্তৰ-পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা

● দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱাচিতা কৰা হ'ব। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে বাংলাদেশত খোপনি পুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কট...

November 12, 2025 12:09 PM

views 51

নিৰাপত্তা সংস্থাসমূহে দিল্লী আৰু পুলৱামাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

নিৰাপত্তা সংস্থাসমূহে দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ আৰু পুলৱামাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি যোৱা ৯ আৰু ১০ তাৰিখে হাৰিয়ানাৰ ফৰিদাবাদত চলোৱা অভিযানকালত নিৰাপত্তা সংস্থাসমূহে ডিট'নেটৰ, টাইমাৰ আৰু বোমা বনোৱা বিভিন্ন সামগ্রীসহ প্রায় ৩ হাজাৰ কিলোগ্রাম বিস্ফোৰক সামগ্রী জব্দ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তীব্র মানসিক চাপত পৰি সন্দেহজনক অপৰাধীয়ে দিল্লী বিস্ফোৰণ কাণ্ড সংঘটিত কৰে বুলি আশংকা কৰা হৈছে। নিৰাপত্তা সংস্থাসমূহে অপৰাধীক ...

November 11, 2025 6:57 PM

views 60

বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ’বঃ প্ৰধানমন্ত্ৰী মোদী

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে৷ এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থ...

November 11, 2025 6:52 PM

views 77

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক

দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে।

November 11, 2025 6:23 PM

views 79

দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’বঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰী সিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। দিল্লী প্ৰতিৰক্ষা আলোচনা সন্দৰ্ভত শ্রী সিঙে কয়, যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা প্...