● দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱাচিতা কৰা হ’ব। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে বাংলাদেশত খোপনি পুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত-বাংলাদেশ সীমান্তৰে যাতে কোনো সন্ত্রাসবাদীয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীক সষ্টম কৰি তোলা হৈছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সামৰিক ঘাটিটো স্থাপন কৰাত বিশেষ গুৰুত্ব দিছে। নতুনকৈ স্থাপন হ’বলগীয়া এই ঘাটিটোত প্রায় ১,৫০০ সেনা মজুত থকাৰ লগতে যুদ্ধৰ বাবে প্ৰয়োজনীয় সকলো গোলা-বাৰুদ মজুত ৰখা হ’ব। ৰাজ্য চৰকাৰে ধুবুৰীৰ বামুণীগাঁৱত সামৰিক ঘাটিটো স্থাপনৰ বাবে ভূমি প্ৰদান কৰিছে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | November 13, 2025 12:08 PM | Akashvani | Assam | Delhi | Delhi Boom Blast | North East
উত্তৰ-পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা