নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা ১১ গৰাকী লোকৰ ভিতৰত ৫ গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
বর্তমান ৩ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে এগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মন্ত্ৰী মজিন্দৰ সিং ছিৰছাৰ সৈতে আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কেইবা দশক পুৰণি বহুমহলীয়া অট্টালিকাটোৰ প্ৰায় ৮০ শতাংশ ধ্বংসাৱশেষ আতঁৰোৱাৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ধ্বংসাৱশেষৰ পৰা ১২ গৰাকী লোকক উদ্ধাৰ কৰা হয় আৰু ইয়াৰে ৬ গৰাকী লোকৰ মৃত্যু হয়। অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হ’ল বুলি তেওঁ উল্লেখ কৰি স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ অট্টালিকাসমূহ চিনাক্ত কৰি ধ্বংস কৰা হ’ব বুলি প্ৰকাশ কৰে।