September 7, 2026 12:43 PM

views 21

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা ১১ গৰাকী লোকৰ ভিতৰত ৫ গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বর্তমান ৩ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে এগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গ...

September 6, 2026 8:20 PM

views 10

নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত এটা পাঁচ মহলীয়া অট্টালিকা খহি পৰে

নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা পাঁচ মহলীয়া অট্টালিকা খহি পৰে। দিল্লী অগ্নিনির্বাপক সেৱাই জনোৱা মতে, তিনিজন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১৮খন অগ্নিনির্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত মোতায়েন কৰা হৈছে। দিল্লীৰ উপ ৰাজ্যপাল তাৰণজিৎ সিং সন্ধুৱে সংশ্লিষ্ট সকলো সংস্থাক সহযোগিতাৰে কাম কৰি ঘটনাস্থলীত দ্রুত উদ্ধাৰ অভিযান চলাবলৈ নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সন্ধুৱে কয় যে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু প্ৰতিজন ব্যক্তিয়ে সহায়-সহয...

April 20, 2025 10:53 AM

views 30

দিল্লীৰ মুস্তাফাবাদত এটা চাৰি মহলীয়া ভৱন খহি ১১ জন লোকৰ প্ৰাণহানি

দিল্লীৰ মুস্তাফাবাদ এলেকাত কালি পুৱতি নিশা এটা চাৰি মহলীয়া ভৱন খহি পৰাৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱায়। ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা ৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন ৬ জনক চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে আৰক্ষী, অগ্নি নির্বাপণ বাহিনী, দিল্লী দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অন্যান্য সংস্থাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। আহতসকলক উপযুক্...