নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা পাঁচ মহলীয়া অট্টালিকা খহি পৰে। দিল্লী অগ্নিনির্বাপক সেৱাই জনোৱা মতে, তিনিজন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১৮খন অগ্নিনির্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত মোতায়েন কৰা হৈছে।
দিল্লীৰ উপ ৰাজ্যপাল তাৰণজিৎ সিং সন্ধুৱে সংশ্লিষ্ট সকলো সংস্থাক সহযোগিতাৰে কাম কৰি ঘটনাস্থলীত দ্রুত উদ্ধাৰ অভিযান চলাবলৈ নির্দেশ দিছে।
সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সন্ধুৱে কয় যে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু প্ৰতিজন ব্যক্তিয়ে সহায়-সহযোগিতা পোৱাটো নিশ্চিত কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ ঘটনাটোত ক্ষতিগ্রস্ত সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে সাৱধানতামূলক ব্যৱস্থা হিচাপে কাষৰীয়া এটা অট্টালিকাও খালী কৰা হৈছে। আৱদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা আৰু ক্ষতিগ্রস্ত পৰিয়ালসমূহক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।
ইফালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দক্ষিণ-পশ্চিম দিল্লীৰ সত্য নিকেতনস্থিত বহুমহলীয়া অট্টালিকাটো খহি পৰাৰ ঘটনাৰ পিছত গোৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া তেওঁৰ নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে।
ইতিমধ্যে গোৱাত উপস্থিত থকা শ্রীশ্বাহৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কাদাম্বা প্লেট’ত নৱনির্মিত বিজেপিৰ ৰাজ্যিক কার্যালয় ভৱনটো উদ্বোধন কৰাৰ লগতে দলীয় কর্মীসকলক সম্বোধন কৰাৰ কথা আছিল।