নিৰাপত্তা সংস্থাসমূহে দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ আৰু পুলৱামাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি যোৱা ৯ আৰু ১০ তাৰিখে হাৰিয়ানাৰ ফৰিদাবাদত চলোৱা অভিযানকালত নিৰাপত্তা সংস্থাসমূহে ডিট‘নেটৰ, টাইমাৰ আৰু বোমা বনোৱা বিভিন্ন সামগ্রীসহ প্রায় ৩ হাজাৰ কিলোগ্রাম বিস্ফোৰক সামগ্রী জব্দ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তীব্র মানসিক চাপত পৰি সন্দেহজনক অপৰাধীয়ে দিল্লী বিস্ফোৰণ কাণ্ড সংঘটিত কৰে বুলি আশংকা কৰা হৈছে। নিৰাপত্তা সংস্থাসমূহে অপৰাধীক কৰায়ত্ত কৰাৰ বাবে বিভিন্ন অঞ্চলত চলোৱা অভিযানৰ ফলত তেওঁলোকৰ মনত ভয় আৰু হতাশাৰ সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হৈছে। বিস্ফোৰণ হোৱা বোমাটো সম্পূর্ণরূপে বিকশিত হোৱা নাছিল, যাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ তুলনামূলকভাবে কম হোৱা বুলিও সূত্রসমূহে লগতে প্রকাশ কৰিছে। সূত্রসমূহে লগতে সমগ্র দেশতে চলোৱা সতর্কতা আৰু সন্দেহজনক কাৰ্যসূচীৰ বিৰুদ্ধে চলা অভিযানৰ বাবে এটা বৃহৎ আক্ৰমণৰ পৰা হাত সাৰিব পৰা গ‘ল বুলি প্ৰকাশ কৰিছে।
Assamese | November 12, 2025 12:09 PM | Delhi
নিৰাপত্তা সংস্থাসমূহে দিল্লী আৰু পুলৱামাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ