সুলভ মূল্যৰ গৃহ নির্মাণ প্রক্রিয়া, আঁচনিভিত্তিক ব্যৱস্থাৰ পৰা মালিকীস্বত্ত আৰু ভাড়াঘৰকে ধৰি একাধিক গৃহ নিৰ্মাণৰ বিকল্প প্ৰদান কৰা বহনক্ষম ব্যৱস্থালৈ বিকশিত হ’ব লাগিব।
নতুন দিল্লীত অনুষ্ঠিত সুলভ মূল্যৰ গৃহ নিৰ্মাণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বিভাগৰ সচিব সত্যেন্দ্ৰ সিঙে এইদৰে কয়। ভাৰতৰ দ্ৰুত নগৰীকৰণে সুলভ গৃহ নির্মাণক অর্থনৈতিক বিকাশ, বহনক্ষম নগৰীকৰণ আৰু সামাজিক উন্নয়নৰ মূল স্তম্ভ কৰি তুলিছে বুলিও শ্রীসিঙে মন্তব্য কৰে।
তেওঁ কয় যে প্রধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত এক কোটি ২৫ লাখতকৈও অধিক গৃহৰ অনুমোদন দিয়া হৈছে। ইতিমধ্যে এক কোটিতকৈও অধিক গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে।
অনুষ্ঠানত উপস্থিত থাকি নীতি আয়োগৰ সদস্য ৰাজীৱ গৌবাই কয় যে গৃহ নির্মাণক এটা বিচ্ছিন্ন কল্যাণমূলক ব্যৱস্থা হিচাপে নহয়, নগৰ পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়নৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা উচিত তেওঁ কয় যে ভাৰতৰ দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণে সুলভ মূল্যৰ গৃহৰ অতিৰিক্ত চাহিদাৰ সৃষ্টি কৰিব। তেওঁ গৃহ নিৰ্মাণখণ্ডৰ অন্যতম প্রধান বাধা হিচাপে ভূমি উপলব্ধতাক চিনাক্ত কৰি চহৰৰ পৰিকল্পনা, সংস্কাৰ, সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ বাবে ভূমিৰ উপলব্ধতা আৰু হস্তান্তৰযোগ্য উন্নয়নৰ বাবে আহ্বান জনায়।