মেক্স চিকিৎসালয়ৰ মালৱিয়া নগৰৰ অতিথিশালাত সংঘটিত অগ্নিকাণ্ডত আহতসকলৰ স্বাস্থ্যৰ বুজ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি মেক্স চিকিৎসালয়ত মালৱিয়া নগৰৰ অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে যাৱতীয় সকলো সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।

কালি এই অগ্নিকাণ্ডত ১২ গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ ২১ জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত ৪৯ জন লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ২১ জনৰ প্ৰাণ হানি হয়।

দিল্লী চৰকাৰে নিহতসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলক পাঁচ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰিছে। আহত লোকসকলৰ চিকিৎসা চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত বিনামূলীয়াকৈ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে। ইপিনে, প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ দিয়া হ’ব বুলি ঘোষণা কৰা হৈছে।