সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰাম মোহন নাইডু আৰু কিৰেণ ৰিজিজুও এই বৈঠকত উপস্থিত থাকে।

বৈঠকত বর্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, অহা ২০ তাৰিখে আৰম্ভ হ’বলগীয়া অধিৱেশন ১৩ আগষ্টলৈ চলিব।