August 13, 2026 5:42 PM

views 23

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিবেশনত লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬, কৰাৰোপন আৰু অন্য আইন সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী ব...

August 11, 2026 2:53 PM

views 34

উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ বিয়লি ২ বজালৈ স্থগিত

নীটক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগ আৰু আন বিভিন্ন বিষয়কলৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কামকাজ বিয়লি ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ১১ বজাত লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সময়ত অধ্যক্ষই প্রশ্নকাল আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে বিৰোধীপক্ষৰ সাংসদসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আতিশয্য চলোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকে এই সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিবৃতি প্রকাশ কৰিব লাগে বুলি দাবী জনায়। ইয়াকে লৈ...

August 11, 2026 2:13 PM

views 48

হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত লোকসভা আজি দিনৰ ২ বজালৈ স্থগিত

নীট বিষয়ক প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকে ধৰি আন কেইবাটাও বিষয় সন্দৰ্ভত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত লোকসভা আজি দিনৰ ২ বজালৈ স্থগিত ৰখাৰ লগতে ৰাজ্যসভাৰ কাম-কাজো দিনৰ ১২ বজালৈ স্থগিত ৰখা হয়। কালি সদনত কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা হয়। ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ৰ লগতে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম-কাজ শক্তিশালী কৰাৰ উপৰিও ন্যায়াধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ...

August 6, 2026 5:58 PM

views 37

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজিও ব্যাহত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা- নীটক লৈ প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজিও ব্যাহত হয়। লোকসভা দিনৰ ১১ বজাত মিলিত হোৱাৰ সময়ত সদনে জাপানৰ হিৰোছিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। অধ্যক্ষ ওম বিলাই কয়, যে এই বিস্ফোৰণে আজি ৮১ সংখ্যক বর্ষ সম্পূৰ্ণ কৰিলে। তেওঁ কয়, যে ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত চহৰ দুখনত নিক্ষেপ ক...

August 5, 2026 7:44 PM

views 34

বেংকার্ড বুক এভিডেন্স বিল অর্থাৎ বেংক বহী সাক্ষ্য বিধেয়ক ২০২৬ গৃহীত হোৱাৰ পাছত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

বেংকার্ড বুক এভিডেন্স বিল অর্থাৎ বেংক বহী সাক্ষ্য বিধেয়ক ২০২৬ গৃহীত হোৱাৰ পাছত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। সদনৰ কাম-কাজ প্ৰথম বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বিধেয়কখন উত্থাপন কৰে। বেংকৰ বহী সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্রথা অনুযায়ী আইন প্ৰণয়ন কৰাই বিধেয়কখনৰ মূল উদ্দেশ্যে। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ...

August 5, 2026 4:50 PM

views 36

বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীটৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম-কাজ নিয...

July 29, 2026 2:47 PM

views 40

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত এই বিধেয়কখনক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ জে ডি ইউৰ সাংসদ দিলেশ্বৰ কামাইটে সংসদত এই বিধেয়কখন অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, যে এই বিধেয়কে শিক্ষা ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰিব। বিধেয়কখনৰ বিৰোধিতা কৰি আৰ এছ পিৰ সাংসদ এন কে...

July 19, 2026 7:45 PM

views 23

সোমবাৰৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন। সংসদ ভবনত সর্বদলীয় বৈঠক সম্পন্ন

সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বর্ষাকালীন অধিবেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত দেওবাৰে চৰকাৰৰ আহ্বানমর্মে এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্রী ৰিজিজুৱে অধিবেশনৰ কামকাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে দেওবাৰে বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসমূহে বিভিন্ন...

July 17, 2026 8:51 PM

views 27

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এন ডি এ চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰাম মোহন নাইডু আৰু কিৰেণ ৰিজিজুও এই বৈঠকত উপস্থিত থাকে। বৈঠকত বর্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, অহা ২০ তাৰিখে আৰম্ভ হ'বলগীয়া অধিৱেশন ১৩ আগষ্টলৈ চলিব।

July 5, 2026 10:04 AM

views 33

সংসদৰ বৰ্ষাকালীন অধিবেশন ২০ জুলাইত আৰম্ভ হ’ব

সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২০ জুলাইত আৰম্ভ হ'ব আৰু ১৩ আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্রীৰিজিজুৱে সামাজিক মাধ্যম যোগে কয়, যে এই অধিবেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতর্ক আলোচনা আৰু সিদ্ধান্ত গ্রহণত গুৰুত্ব আৰোপ কৰা হ'ব।