লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত এই বিধেয়কখনক লৈ আলোচনা অনুষ্ঠিত হয়।
আলোচনাত অংশ লৈ জে ডি ইউৰ সাংসদ দিলেশ্বৰ কামাইটে সংসদত এই বিধেয়কখন অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, যে এই বিধেয়কে শিক্ষা ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰিব। বিধেয়কখনৰ বিৰোধিতা কৰি আৰ এছ পিৰ সাংসদ এন কে প্রেমাচন্দ্ৰনে ইয়াত সন্নিবিষ্ট উদ্দেশ্যসমূহ প্ৰাপ্তিৰ ক্ষেত্ৰত বিধেয়কখন পর্যাপ্ত নহয় বুলি উল্লেখ কৰে।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই ভাৰোত্তোলক হৰজিন্দৰ কৌৰ আৰু এথলিট গুলবীৰ সিঙক গ্লাছগ’ত অনুষ্ঠিত ২৩ সংখ্যক কমনৱেল্থ গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সদনৰ হৈ শ্ৰী বিৰলাই খেলুৱৈসকলৰ লগতে প্ৰশিক্ষকসকলক ৰাষ্ট্ৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অভিনন্দন জনায়।
ইয়াৰ পাছত অধ্যক্ষই প্রশ্নোত্তৰ শিতান আৰম্ভ কৰাৰ লগে লগে বিৰোধী পক্ষই শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ বিষয়টোক লৈ আৰক্ষীৰ কাৰ্যকলাপৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই কয়, যে প্রশ্নোত্তৰ ঘণ্টা সদনৰ প্ৰতিগৰাকী সদস্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু এই সময়ছোৱাতে সদস্যসকলে বিভিন্ন বিষয়ত চৰকাৰৰ পৰা উত্তৰ বিচাৰিব পাৰে। তেওঁ কয়, যে একাংশ বিৰোধী সদস্যই উদ্দেশ্য প্রণোদিতভাৱে প্রশ্নোত্তৰ ঘণ্টা ব্যাহত কৰিবলৈ চেষ্টা কৰিছে আৰু এয়া কোনোপধ্যেই সঠিক কথা নহয় আৰু সংসদীয় পৰম্পৰাৰ পৰিপন্থী।
হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম-কাজ ১২ বজালৈ স্থগিত ঘোষণা কৰে। ইপিনে, নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক কেন্দ্ৰ কৰি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়।
প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে প্রশ্নকাল চলাই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধীপক্ষৰ সদস্যসকলে তেওঁলোকৰ দাবীৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। হুলস্থুলীয়া পৰিস্থিতি অব্যাহগত থকাত সভাপতিয়ে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ঘোষণা কৰে৷
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে কয়লা, খনিজ আৰু ষ্টিল সন্দৰ্ভত সংসদীয় সমিতিৰ সম্পৰ্কীয় বিভাগৰ প্ৰতিবেদনকে ধৰি কেইবাটাও বিষয় সদনত উত্থাপন কৰে।
ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণণে প্রশ্নকাল চলাই নিয়ে। চি পি আই এমৰ সাংসদ জন ব্রিটাছে জে এন ইউৰ ছাত্ৰ সংগঠনৰ সভাপতি আইচি ঘোষৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে দিল্লী আৰক্ষীয়ে নতুন দিল্লীৰ চি পি আই এমৰ মুখ্য কাৰ্যালয়ত অবৈধভাৱে প্ৰৱেশ কৰাৰ বিষয়টো উত্থাপন কৰে।
এই বিষয়টোৰ প্ৰতি সঁহাৰি জনাই সদনৰ নেতা জে পি নাড্ডাই কয় যে এয়া আছিল নিয়মীয়া আইন-কানুন ব্যৱস্থাৰ এটা অংশ। যেতিয়া কোনো ছাত্ৰই কোনো প্রতিবাদী কার্যত অংশ লয় অথবা আইন নিজৰ হাতত তুলি লয়, আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি শ্ৰীনাড্ডাই উল্লেখ কৰে। তেওঁ লগতে জৰুৰীকালীন সময়ত তেওঁকো শ্ৰেণীকোঠাৰ পৰা আটক কৰা হৈছিল বুলি প্ৰকাশ কৰে৷ ইয়াৰ পাছতো বিৰোধী সদস্যসকলে প্রতিবাদ অব্যহত ৰখাত সভাপতিয়ে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে।