August 12, 2026 8:13 PM

views 9

একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত

নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠি চালনা আৰু আন একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিয়লি ৩ বজাত বিৰোধীৰ হুলস্থূলৰ মাজতে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হয়। কিন্তু কোনো আলোচনা অবিহনেই বিধেয়কখন গৃহীত কৰা হয়। বিধেয়ক গৃহীত হোৱাৰ পাছতে লোকসভাৰ কাৰ্যসূচী চলাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ সেই সময়ত সদন পৰিচাল...

August 11, 2026 8:23 PM

views 10

সংসদত ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬ গৃহীত

সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬ গৃহীত হৈছে। ইয়াৰ পূৰ্বে আজি ৰাজ্যসভাত এই বিধেয়কখনত অনুমোদন জনোৱা হয়। আজি দুবাৰকৈ সদনৰ কাম কাজ স্থগিত হোৱাৰ পাছত বিয়লি ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্য হৈছে কার্যদক্ষতা বৃদ্ধি কৰা, স্বচ্ছতা নিশ্চিত কৰা আৰু বিভিন্ন ন্যায়াধীকৰণৰ অধ্যক্ষ তথা সদস্যসকলৰ অৰ্হতা তথা প্রশাসন আৰু কার্যপ্রণালীৰ ক্ষমতা বৃদ্ধি কৰা। বিধেয়কখনত লগতে এখন ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্রস্...

August 6, 2026 8:41 PM

views 16

সংসদত বিনিয়োজন বিধেয়ক ২০২৬ গৃহীত

সংসদে বিনিয়োজন বিধেয়ক ২০২৬ গৃহীত কৰিছে। ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। ইতিমধ্যে লোকসভাই বিধেয়কখন গৃহীত কৰিছে। দ্বিতীয়বাৰ সদন স্থগিত ৰখাৰ পিছত ২ বাজি ৪৫ মিনিটত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্রী নির্মলা সীতাৰমনে বিধেয়কখন পুনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ইয়াত ২০২৩ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বর্ষৰ কিছুমান সেৱাৰ বাবে ব্যয় কৰা ধনৰাশি সেই বছৰটোৰ বাবে প্ৰদান কৰা ধনৰাশিতকৈ অধিক পৰিমাণ পূৰণ কৰিবলৈ ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ধন ব্যয়ৰ অনুমোদনৰ ব্যৱস্থা কৰা হৈছে। কিছুমান অতি...

August 5, 2026 4:50 PM

views 13

বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীটৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম-কাজ নিয...

August 4, 2026 8:07 PM

views 18

সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। পূর্বে লোকসভাত গৃহীত হৈ থকা এই বিধেয়কখন আজি ৰাজ্যসভাত গৃহীত হয়। গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল। এই নতুন বিধেয়কখনে পঞ্জীয়ন পলম হোৱাৰ বাবে অধিক কঠোৰ ব্যৱস্থা কৰাৰ লগতে জন্ম মৃত্যুৰ সময়মতে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰিব। বিধেয়কখনত উল্লেখ আছে যে যদিহে কোনো জন্ম বা মৃত্যুৰ খবৰ এবছৰতকৈ অধিক কিন্তু ২ বছৰৰ ভিতৰত দিয়া হয়, তেন্তে জন্ম বা মৃত্যুৰ সত্যতা পৰীক্ষণৰ পাছত জিলা দণ্ডাধীশ বা মহকুমাধিপতিৰ অনু...

July 30, 2026 3:44 PM

views 15

নীটৰ বিষয়ক বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীট পৰীক্ষাৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত পুৰুষৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মহাদু গাৱিট আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্ছিংগানাকাথিক অভিনন্দন জনায়। শ্রীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু ...

July 29, 2026 2:47 PM

views 29

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা

লোকসভাত আজি লোক পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬ গৃহীতকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত এই বিধেয়কখনক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ জে ডি ইউৰ সাংসদ দিলেশ্বৰ কামাইটে সংসদত এই বিধেয়কখন অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, যে এই বিধেয়কে শিক্ষা ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰিব। বিধেয়কখনৰ বিৰোধিতা কৰি আৰ এছ পিৰ সাংসদ এন কে...

July 21, 2026 8:02 PM

views 8

বিৰোধীপক্ষৰ প্ৰতিবাদৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে বিৰোধী পক্ষৰ তীব্ৰ প্ৰতিবাদৰ বাবে তিনিবাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ২ বজাৰ পাছত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে অত্যন্ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অৱশেষত দিনটোৰ বাবে সদনৰ কাৰ্য...

July 20, 2026 8:06 PM

views 19

বিৰোধীৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত

নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্র কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা একাধিকবাৰ স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত শেহতীয়াকৈ মৃত্যু হোৱা সদনৰ ছগৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। প্রয়াত সদস্যকেইজন হৈছে নাদেণ্ডালা ভাস্কৰ ৰাও, ওমৱতী দেৱী, সুধাংশু শীল, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভূৱন চন্দ্ৰ খান্দুৰী, কে পি...

December 19, 2025 7:26 PM

views 46

সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত ৰখা হয়। ইয়াৰ লগে লগে ১ ডিচেম্বৰত আৰম্ভ হোৱা ১৯ দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সামৰণি ভাষণত কয়, যে এইবাৰৰ অধিৱেশনত মুঠ ১৫ খন বৈঠক অনুষ্ঠিত হয়। তেওঁ সকলো সদস্যকে সংসদৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা প্রায় ৭২ ঘণ্টা চলে আৰু এইবাৰৰ অধিবেশন ফলপ্ৰসু হৈ বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, যে সংসদৰ শীতকালীন অধিবেশনত ঐতিহাসিক আৰু গণতান্ত্...