সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। পূর্বে লোকসভাত গৃহীত হৈ থকা এই বিধেয়কখন আজি ৰাজ্যসভাত গৃহীত হয়। গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল। এই নতুন বিধেয়কখনে পঞ্জীয়ন পলম হোৱাৰ বাবে অধিক কঠোৰ ব্যৱস্থা কৰাৰ লগতে জন্ম মৃত্যুৰ সময়মতে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰিব। বিধেয়কখনত উল্লেখ আছে যে যদিহে কোনো জন্ম বা মৃত্যুৰ খবৰ এবছৰতকৈ অধিক কিন্তু ২ বছৰৰ ভিতৰত দিয়া হয়, তেন্তে জন্ম বা মৃত্যুৰ সত্যতা পৰীক্ষণৰ পাছত জিলা দণ্ডাধীশ বা মহকুমাধিপতিৰ অনুমোদন সাপেক্ষেহে পঞ্জীয়ন কৰিব পাৰিব। বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ উত্তৰত মন্ত্ৰী ৰায়ে কয় যে পঞ্জীয়ন পলম হোৱাৰ সম্ভাব্য অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন অনা হৈছে। তেওঁ কয়, যে যদি কোনো জন্ম বা মৃত্যু তথ্য পঞ্জীয়নৰ বাবে দুবছৰতকৈ অধিক সময়ৰ পাছত দিয়া হয় তেন্তে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশতহে পঞ্জীয়ন কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে দুবছৰতকৈ অধিক পঞ্জীয়ন পলম হোৱাৰ ব্যৱস্থাৰ বাহিৰে বাকী ব্যৱস্থাতো বহুলাংশে অপৰিৱৰ্তিত হৈ আছে। মন্ত্ৰী ৰায়ে কয় যে এই সংশোধনীৰ উদ্দেশ্য এয়ে যে চৰকাৰে দেশত জন্ম হোৱা প্ৰতিটো শিশুৰ যথাযথ পঞ্জীয়ন হোৱাটো নিশ্চিত কৰিব বিচাৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ দেশজুৰি বৰ্তমান প্ৰায় চাৰে তিনি লাখ পঞ্জীয়নকেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। তেওঁ আৰু কয়, যে ২০১৪ চনত প্ৰায় ৮৬ দশমিক ৬ শতাংশ জন্ম পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত ৯৯ শতাংশতকৈও বেছি পঞ্জীয়ন হৈছে। একেদৰে মৃত্যুৰ পঞ্জীয়নৰ ক্ষেত্ৰত প্ৰায় ৭২ দশমিক ৫ শতাংশৰ পৰা ৯৯ দশমিক ৪ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ আৰু কয় যে ভাৰতে সাৰ্বজনীন আৰু সঠিক জন্ম মৃত্যুৰ পঞ্জীয়নৰ লক্ষ্যৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে।
Assamese | August 4, 2026 8:07 PM | parliament
সংসদত আজি জন্ম মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত