বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে বিৰোধী পক্ষৰ তীব্ৰ প্ৰতিবাদৰ বাবে তিনিবাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়।
দিনৰ ২ বজাৰ পাছত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে অত্যন্ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অৱশেষত দিনটোৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়।
উল্লেখযোগ্য যে আজি দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্রশ্নোত্তৰ কালৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোক্ষী পক্ষৰ সদস্যসকলক সদনৰ কাম-কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতে অধ্যক্ষই নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ১২ বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণণে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। সভাপতিয়ে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। সদন পুনৰ আৰম্ভ হোৱাৰ পাছতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হোৱাত দিনটোৰ বাবে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয় ৷