নীটৰ বিষয়ক বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীট পৰীক্ষাৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়।

ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত পুৰুষৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মহাদু গাৱিট আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্ছিংগানাকাথিক অভিনন্দন জনায়।

শ্রীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্রশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্ল’গান দিবলৈ আৰম্ভ কৰে।

বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্রীবিলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাক ব্যাঘাত নজন্মাবলৈ আহ্বান জনায়। সদনৰ কাম-কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্রীবিৰলাই উল্লেখ কৰে। পাছত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ঘোষণা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।