July 30, 2026 3:44 PM

views 15

নীটৰ বিষয়ক বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীট পৰীক্ষাৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত পুৰুষৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মহাদু গাৱিট আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্ছিংগানাকাথিক অভিনন্দন জনায়। শ্রীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু ...

July 14, 2026 12:43 PM

views 26

NEET (UG) 2026ৰ পুনঃপৰীক্ষাৰ OMR শ্বীট আৰু উত্তৰ মুকলি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET (UG) 2026 পুনঃ পৰীক্ষাৰ OMR শ্বীট সক্ৰিয় কৰি প্ৰাৰ্থীসকলৰ সঁহাৰি অফিচিয়েল ৱেবছাইট neet.nta.nic.in ত অন্তর্ভুক্ত কৰিছে। সংস্থাটোৱে কয় যে, প্রার্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ দ্বাৰা চিহ্নিত উত্তৰসমূহ স্ক্যানাৰৰ সৈতে তুলনা কৰিব পাৰে। যদি কোনো উত্তৰত মিল নাথাকে তেন্তে প্রার্থীয়ে প্রশ্নটো বাছি লৈ নিজৰ দাবী কৰা বিকল্প চিহ্নিত কৰি ২০০ টকাৰ মাচুল পৰিশোধ কৰি তেওঁলোকৰ দাবী দাখিল কৰিব পাৰে। এই দাবীমতে উত্তৰটো শুদ্ধ হ'লে মাচুল ঘূৰাই দিয়া ...