ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET (UG) 2026 পুনঃ পৰীক্ষাৰ OMR শ্বীট সক্ৰিয় কৰি প্ৰাৰ্থীসকলৰ সঁহাৰি অফিচিয়েল ৱেবছাইট neet.nta.nic.in ত অন্তর্ভুক্ত কৰিছে। সংস্থাটোৱে কয় যে, প্রার্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ দ্বাৰা চিহ্নিত উত্তৰসমূহ স্ক্যানাৰৰ সৈতে তুলনা কৰিব পাৰে। যদি কোনো উত্তৰত মিল নাথাকে তেন্তে প্রার্থীয়ে প্রশ্নটো বাছি লৈ নিজৰ দাবী কৰা বিকল্প চিহ্নিত কৰি ২০০ টকাৰ মাচুল পৰিশোধ কৰি তেওঁলোকৰ দাবী দাখিল কৰিব পাৰে। এই দাবীমতে উত্তৰটো শুদ্ধ হ’লে মাচুল ঘূৰাই দিয়া হ’ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। এই সুবিধা কাইলৈ লৈ উপলব্ধ থাকিব। প্রার্থীসকলে এনটিএৰ হেল্পলাইন নম্বৰ ০১১-৪০৭৫৯০০০, ০১১-৬৯২২৭৭০০ নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা neetug2026@nta.ac.in লৈ লিখিব পাৰিব।
Assamese | July 14, 2026 12:43 PM | NEET UG 2026
NEET (UG) 2026ৰ পুনঃপৰীক্ষাৰ OMR শ্বীট আৰু উত্তৰ মুকলি