July 20, 2026 8:06 PM | parliament

printer

বিৰোধীৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত

নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্র কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা একাধিকবাৰ স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত শেহতীয়াকৈ মৃত্যু হোৱা সদনৰ ছগৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। প্রয়াত সদস্যকেইজন হৈছে নাদেণ্ডালা ভাস্কৰ ৰাও, ওমৱতী দেৱী, সুধাংশু শীল, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভূৱন চন্দ্ৰ খান্দুৰী, কে পি ধনপালন আৰু প্যাৰেলাল শংখৱাৰ। সদনে লগতে কাটাৰৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিলৈও শ্ৰদ্ধা নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে শ্বেইখ হামাদ বিন খালিফা অল থানিয়ে ভাৰত-কাটাৰ সম্পর্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮ বছৰ ধৰি কাৰ্টাৰৰ আমিৰৰ দায়িত্বত থকা অল থানিয়ে আধুনিক কাটাৰৰ ভেটি গঢ়ি তুলিছিল বুলি শ্রীবিৰলাই প্ৰকাশ কৰে।

সদনত আজি অধ্যক্ষই প্রশ্নকাল চলাই নিবলৈ চেষ্টা কৰাৰ সময়তে কংগ্ৰেছ আৰু সমাজবাদী পার্টিকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদস্যসকলক সদনৰ নীতি-নিয়ম মানি চলি কার্যক্রমণিকা চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত লোকসভাৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়।

প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হয়। বিৰোধী সদস্যসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অধ্যক্ষই সদন আধাঘণ্টাৰ বাবে ১২ বাজি ৩০ মিনিটলৈ স্থগিত ঘোষণা কৰে। দ্বিতীয়বাৰৰ বাবে দুপৰীয়া ১২ বাজি ৩০ মিনিটত সদন পুনৰ মিলিত হয়। বিৰোধী সদস্যসকলে পুনৰ শ্লোগানেৰে সদন উত্তাল কৰি তোলে। ফলস্বৰূপে পুনৰ বিয়লি ৩ বজালৈ সদন স্থগিত ৰখা হয়। বিয়লি ৩ বজাত পুনৰ একে পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰখা হয়।

ইপিনে ৰাজ্যসভাতো আজি একাধিকবাৰ সদন স্থগিত ৰখা হয়। পঞ্চমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ২ বাজি ৩০ মিনিটত উচ্চ সদন মিলিত হোৱাৰ সময়ত উপ সভাপতি হৰিবংশে নির্ধাৰিত কাৰ্যসূচী হাতত লবলৈ চেষ্টা কৰে যদিও বিৰোধী সদস্যসকলে শ্লোগানেৰে সদনত প্ৰতিবাদ সাব্যস্ত কৰে। এই হুলস্থুলৰ মাজতে দিনটোৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হয় ৷

উল্লেখযোগ্য যে ২৫ দিন ধৰি চলিবলগীয়া সদনৰ বৰ্ষাকালীন অধিবেশনত ১৯ খন বৈঠক অনুষ্ঠিত হ’ব। এইবাৰৰ অধিবেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ’ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ (ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক ২০২৬ আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ উত্থাপন কৰা হ’ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বর্ষাকালীন অধিবেশনত আলোচনাৰ বাবে উত্থাপন কৰা হ’ব বুলি আশা কৰা হৈছে। ১৩ আগষ্টত সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সামৰণি পৰিব।