August 12, 2026 8:13 PM | parliament

printer

একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত

নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠি চালনা আৰু আন একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিয়লি ৩ বজাত বিৰোধীৰ হুলস্থূলৰ মাজতে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হয়। কিন্তু কোনো আলোচনা অবিহনেই বিধেয়কখন গৃহীত কৰা হয়। বিধেয়ক গৃহীত হোৱাৰ পাছতে লোকসভাৰ কাৰ্যসূচী চলাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে বিৰোধী সদস্যসকলক আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কয়, যে নীট পৰীক্ষাক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰ ইতিমধ্যে সাজু হৈছে। গৃহমন্ত্রী অমিত শ্বাহে বিষয়তো সদনত আলোচনাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও ৰিজিজুৱে উল্লেখ কৰে। কিৰেণ ৰিজিজুৱে কংগ্ৰেছ আৰু সমাজবাদী পার্টিকে ধৰি প্ৰতিবাদ কৰা বিভিন্ন দলৰ সদস্যসকলক নিজৰ আসনলৈ ঘূৰি যাবলৈ আহ্বান জনাই কয়, যে চৰকাৰে যিহেতু বিষয়টোক লৈ আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰিছে সেয়ে কাম-কাজ পুনৰ আৰম্ভ কৰা উচিত। সংসদীয় পৰিক্ৰমা মন্ত্রী কিরেণ বিজিজুৱে পুনৰ কয়, যে বিৰোধীয়ে সমগ্র বিষয়টোক লৈ প্ৰথমদিনাৰ পৰাই গৃহমন্ত্ৰীৰ বিবৃতি দাবী কৰি আহিছিল। কিন্তু চৰকাৰ যেতিয়া বিষয়টোক লৈ আলোচনাৰ বাবে সাজু হ’ল তেতিয়া বিৰোধী আঁতৰি থাকিব বিচাৰিছে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালেও বিৰোধী দলৰ সদস্যসকলক আলোচনা প্রক্রিয়াত অংশগ্ৰহণৰ বাবে আহ্বান জনায়। কিন্তু প্ৰতিবাদকাৰী সদস্যসকলে তেওঁৰ আহ্বানক গুৰুত্ব নিদিলে। ইয়াৰ পৰিপ্ৰেক্ষিততে দিনটোৰ বাবে সদনৰ কাৰ্যসূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়।

ইয়াৰপূৰ্বে সদন প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত দিনৰ ২ বজাত যেতিয়া পুনৰ কাম-কাজ আৰম্ভ হৈছিল, তেতিয়া বিভাগীয় মন্ত্ৰীসকলে নিজ নিজ মন্ত্ৰ্যালয়ত নথিসমূহ দাখিল কৰে। ইফালে, বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতো সদনে বৈদেশিক অনুদান (নিয়ন্ত্রণ) সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাত অনুমোদন জনায়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল আৰু সমাজবাদী পাৰ্টিৰ সদস্যসকলে বিধেয়কখন বিৰোধীতা কৰাৰ লগতে প্ৰত্যাহাৰৰ দাবী জনায়। তেওঁলোক অভিযোগ কৰে যে এই বিধেয়কখনৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু বেচৰকাৰী সংস্থাসমূহক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে প্ৰস্তাৱিত বিধেয়কখনৰ কোনো ব্যৱস্থা সংখ্যালঘু সম্প্ৰদায়ৰ পৰিপন্থী নহয় বুলি স্পষ্ট কৰি দিয়ে। দেশত প্ৰতিটো সম্প্রদায়ক কল্যাণৰ বাবে বিধেয়কখন প্রস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিবেশ অব্যাহত ৰখা অধ্যক্ষই সদনৰ কাম-কাজ বিয়লি ৩বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷