নীটৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে।
শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্রশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ, যত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়। বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কার্ড প্রদর্শন অথবা শ্লোগান দিয়াটো সমীচিন নহয় বুলি উল্লেখ কৰে।
ৰাজ্যসভাত একে পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথম বাৰ সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণণে প্রশ্নকাল আৰম্ভ কৰে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কয় যে দেশৰ বিভিন্ন অংশত বাহন চলোৱা প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰা হ’ব।
এনে ধৰণৰ ৩০০খন প্রতিষ্ঠান স্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে অনুমোদন দিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সম্প্ৰতি প্ৰায় ২২ লাখ চালকৰ অভাৱ হৈ আছে। শ্রীগাডকাৰীয়ে চালকসকলৰ বাবে বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদান বিশেষকৈ পথৰ লেনৰ নিয়মানুৱৰ্তিতা মানি চলা আৰু পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। উপযুক্ত প্রশিক্ষণে পথত জীৱন বচোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও শ্রীগাডকাৰীযে উল্লেখ কৰে।
শ্ৰীগাডকাৰীয়ে দেশত সম্প্ৰতি পথ দুৰ্ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্রকাশ কৰি কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰায় ১ লাখ ৮০ হাজাৰ লোকে প্ৰাণ হেৰুওৱাটো অতি দুখৰ বিষয়। চৰকাৰে পথ সুৰক্ষা বৃদ্ধিৰ বাবে উন্নত পথ ব্যৱস্থা আৰু কঠোৰ যান-বাহন আইন বলবৎকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। প্রশ্নকালত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাত সভাপতিয়ে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ঘোষণা কৰে।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত প্ৰথম বাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ হুলস্থুলৰ মাজতে সভাপতিয়ে শূন্যকাল আৰম্ভ কৰে। জম্মু-কাশ্মীৰৰ বিজেপিৰ সাংসদ সৎ পল শৰ্মাই সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিলৰ কথা সুঁৱৰি কয় যে ৭ বছৰ পূৰ্বে এই দিনটোতে ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰা হৈছিল।
সাংসদগৰাকীয়ে আজিৰ দিনটো কেৱল জম্মু-কাশ্মীৰৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ বাবে ঐতিহাসিক বুলি উল্লেখ কৰে। এই সিদ্ধান্তই জম্মু-কাশ্মীৰত উন্নয়নৰ নতুন শিখৰলৈ যোৱাৰ বাট মুকলি কৰিলে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।