সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬ গৃহীত হৈছে। ইয়াৰ পূৰ্বে আজি ৰাজ্যসভাত এই বিধেয়কখনত অনুমোদন জনোৱা হয়। আজি দুবাৰকৈ সদনৰ কাম কাজ স্থগিত হোৱাৰ পাছত বিয়লি ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্রী অর্জুন ৰাম মেঘৱালে বিধেয়কখন উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্য হৈছে কার্যদক্ষতা বৃদ্ধি কৰা, স্বচ্ছতা নিশ্চিত কৰা আৰু বিভিন্ন ন্যায়াধীকৰণৰ অধ্যক্ষ তথা সদস্যসকলৰ অৰ্হতা তথা প্রশাসন আৰু কার্যপ্রণালীৰ ক্ষমতা বৃদ্ধি কৰা। বিধেয়কখনত লগতে এখন ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো প্রস্তাব আছে।
বিধেয়কখনৰ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত শ্রীমেঘৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ২০১৫ চনতে ন্যায়াধীকৰণসমূহৰ শিথিলকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬ ৰ উদ্দেশ্য হৈছে এটা আধুনিক, স্বাধীন আৰু উমৈহতীয়া ন্যায়াধীকৰণ পৰিবেশতন্ত্র গঢ়ি তোলা। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন বিধেয়কখনত এখন ৰাষ্ট্ৰীয় ন্যায়াধীকৰণ আয়োগ গঠনৰো ব্যৱস্থা আছে আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অথবা কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এই আয়োগৰ অধ্যক্ষ হ’ব। ন্যায় প্ৰদানৰ সূচলতাৰ লগতে ব্যৱসায়ত সূচলতা অনাৰ ক্ষেত্ৰত এই সংশোধন এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে এই বিধেয়কখনে দেশত আইনী আৰু প্ৰতিষ্ঠানগত স্থাপত্য শক্তিশালী কৰাৰ লগতে ন্যায় প্রদান প্রক্রিয়া সহজ আৰু দ্রুত কৰাত সহায় কৰিব।
ইয়াৰ পূৰ্বে এই সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ বিজেপিৰ সুভাষ বৰলাই বিধেয়কখনৰ প্ৰতি সমর্থন জনাই কয়, যে বিধেয়কখনে কেবল ন্যায়াধীকৰণসমূহৰ প্ৰশাসনিক কাম-কাজৰ পৰিবৰ্তন অনাই নহয়, বৰং নিকা আৰু দ্রুত ন্যায় প্রদানত সহায় কৰিব।