August 6, 2026 8:41 PM | parliament

printer

সংসদত বিনিয়োজন বিধেয়ক ২০২৬ গৃহীত

সংসদে বিনিয়োজন বিধেয়ক ২০২৬ গৃহীত কৰিছে। ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। ইতিমধ্যে লোকসভাই বিধেয়কখন গৃহীত কৰিছে। দ্বিতীয়বাৰ সদন স্থগিত ৰখাৰ পিছত ২ বাজি ৪৫ মিনিটত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্রী নির্মলা সীতাৰমনে বিধেয়কখন পুনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ইয়াত ২০২৩ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বর্ষৰ কিছুমান সেৱাৰ বাবে ব্যয় কৰা ধনৰাশি সেই বছৰটোৰ বাবে প্ৰদান কৰা ধনৰাশিতকৈ অধিক পৰিমাণ পূৰণ কৰিবলৈ ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ধন ব্যয়ৰ অনুমোদনৰ ব্যৱস্থা কৰা হৈছে। কিছুমান অতিৰিক্ত ব্যয় পূৰণৰ বাবে চৰকাৰে ৫৪ হাজাৰ কোটি টকা প্রস্তাব দিছে। এই ধন ঋণ পৰিশোধৰ বাবে ব্যয় কৰা হ’ব। বিতৰ্কৰ উত্তৰ দি বিত্তমন্ত্রী সীতাৰমনে কয়, যে ২০২৩ চনৰ বিত্তীয় বৰ্ষত হোৱা অতিৰিক্ত ব্যয়ৰ বাবে চৰকাৰে অনুমোদন বিচাৰিছে।

জম্মু-কাশ্মীৰ সন্দৰ্ভত সদস্যসকলে উত্থাপন কৰা প্ৰসংগৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে সদনক আশ্বাস দিয়ে যে, ২০১৯ চনত ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল হোৱাৰ পিছত চৰকাৰে কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰলৈ আর্থিক অনুদানৰ লগতে প্রশাসনীয় সহায়-সহযোগিতা আগবঢ়াই আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৩৭০ নম্বৰ অনুচ্ছেদৰ প্রত্যাহাৰে জম্মু-কাশ্মীৰ যে, ভাৰতৰ এক অবিচ্ছেদ্য অংগ সেয়া পুনৰ প্ৰতিপন্ন কৰিলে।

আলোচনাত অংশগ্ৰহণ কৰি AIADMKৰ ড° এম, থাম্বিডুৰাই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্রুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, যে চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল শাসন, উৎপাদন, সংযোগ আৰু কল্যাণমূলক আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীথাম্বিডুৰাই কয়, যে এই প্রচেষ্টাসমূহে অর্থনৈতিক উন্নতিত অৰিহণা যোগাইছে। বিধেয়কখন সমর্থন কৰি টি ডি পিৰ ভাশ্যাম ৰামাকৃষ্ণই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ দ্রুতগতিত বৃদ্ধি পোৱা বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে।

বি আৰ এছৰ ৰবিচন্দ্ৰ বড্ডিৰাজুৰে কয়, যে ই সাংবিধানিক প্ৰক্ৰিয়াৰ অংশ আৰু চৰকাৰৰ বিত্ত সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। তেওঁ কয়, যে চৰকাৰে দেশৰ উন্নয়ন আৰু জনকল্যাণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ উন্নয়নমূলক কামৰ পৰিকল্পনা কৰাৰ সময়ত সকলো ৰাজ্যকে সমানেই গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায়। এই আইনখন গৃহীত হোৱাৰ পিছত অধ্যক্ষৰ দায়িত্বত থকা শ্রীঘনশ্যাম তিৱাৰীয়ে কাইলৈ পুৱা ১১ বজাত পুনৰ বৈঠক মিলিত হোৱাৰ আহ্বানেৰে দিনটোৰ বাবে সদন স্থগিত ৰাখে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।