নীট বিষয়ক প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকে ধৰি আন কেইবাটাও বিষয় সন্দৰ্ভত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত লোকসভা আজি দিনৰ ২ বজালৈ স্থগিত ৰখাৰ লগতে ৰাজ্যসভাৰ কাম-কাজো দিনৰ ১২ বজালৈ স্থগিত ৰখা হয়। কালি সদনত কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা হয়।
ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ৰ লগতে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম-কাজ শক্তিশালী কৰাৰ উপৰিও ন্যায়াধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় ন্যায়াধিকৰণ আয়োগ গঠনৰো প্ৰস্তাৱ দিয়া হৈছে।
বিৰোধীৰ হুলস্থুলৰ মাজতে কালি ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ আলোচনা নোহোৱাকৈয়ে গৃহীত হয়।