August 11, 2026 2:13 PM

views 46

হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত লোকসভা আজি দিনৰ ২ বজালৈ স্থগিত

নীট বিষয়ক প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকে ধৰি আন কেইবাটাও বিষয় সন্দৰ্ভত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত লোকসভা আজি দিনৰ ২ বজালৈ স্থগিত ৰখাৰ লগতে ৰাজ্যসভাৰ কাম-কাজো দিনৰ ১২ বজালৈ স্থগিত ৰখা হয়। কালি সদনত কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা হয়। ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ৰ লগতে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম-কাজ শক্তিশালী কৰাৰ উপৰিও ন্যায়াধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ...

August 4, 2026 9:57 AM

views 34

লোকসভাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত

লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হয়।  উল্লেখযোগ্য যে চলিত বছৰৰ মেত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩৩ ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে অধ্যাদেশ জাৰি কৰিছিল। লোকসভাত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি এই বিধেয়কখন উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ...

July 28, 2026 9:55 PM

views 21

লোকসভাত লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ সন্দৰ্ভত আলোচনা, শাসক-বিৰোধী উভয় পক্ষই অংশগ্ৰহণ

লোকসভাত আজি লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।  বিধেয়কখনৰ প্ৰতিবন্ধ অনুসৰি অভিযোগনামা দাখিলৰ পাছত ৩ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰি ক...

December 10, 2025 11:53 AM

views 57

লোকসভাত নির্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা

লোকসভাত কালি নির্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা কৰা হয়। আলোচনাত ভাগ লৈ আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰে যে, কংগ্ৰেছৰ শাসন কালতো ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী কেইবাবাৰো সম্পন্ন হৈছিল যদিও এতিয়া দলটোৱে একেটা বিষয়ত প্রশ্ন উত্থাপন কৰাটো আশ্চর্যজনক। ভাৰতৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি তেওঁ কয়, যে স্বাধীনোত্তৰ কালৰে পৰা সকলোৱে ভোটদানৰ ক্ষেত্ৰত সম অধিকাৰ লাভ কৰি আহিছে। নৰেন্দ্ৰ মোদী চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰি লোকসভা, বিধানসভা তথা বিধানসভাৰো মুঠ আসনৰ এক তৃ...

December 9, 2025 8:04 PM

views 55

লোকসভাত নির্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত নির্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ মনিষ তিৱাৰীয়ে কয়, যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কাৰণ দাখিল কৰা উচিত। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ প্রক্রিয়া চলি আছে যদিও নির্বাচন আয়োগৰ পুংখানুপুংখ সংশোধন চলোৱাৰ আইনী অধিকাৰ নাই। তেওঁ লগতে আটাইবোৰ ভিভি পেট মেচিনৰ গণনা কৰিব লাগে নতুবা পুৰণি বেলট ব্যৱস্থালৈ ঘুৰি যাব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। নিৰ্বাচন আয়োগক বাচনি কৰাৰ বাবে গঠন কৰা কমিটিত ৰ...

December 5, 2025 8:06 PM

views 51

লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত

লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কৰ লক্ষ্য হৈছে- পাণ মচলা আৰু ধপাতৰ পৰা উৎপাদিত সামগ্ৰীৰ ওপৰত আৰোপ কৰা উপকৰৰ পৰা আহৰণ কৰা ধন জনস্বাস্থ্য আৰু ৰাষ্টীয় নিৰাপত্তাৰ বাবে ব্যয় কৰা। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে এই বিধেয়ক সন্দৰ্ভত কয়, যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্ৰীৰ ব্যৱহাৰ চৰকাৰে হ্ৰাস কৰিব বিচাৰে। জনস্বাস্থ্য ৰাজ্যিক বিষয় হোৱাৰ বিপৰীতে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা কেন্দ্ৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। শ্রীমতী সীতাৰমণে লগতে কয়, যে ...

December 4, 2025 8:44 PM

views 87

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

December 3, 2025 4:01 PM

views 64

দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী

কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২...

December 3, 2025 11:12 AM

views 85

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম পৰ্যায় আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব

December 1, 2025 9:25 PM

views 62

প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন

জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন দিয়া হৈছে। লোকসভাত আজি পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱাটে এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিয়ে জনজাতীয় অঞ্চলত ব্যৱসায়িক আৱাস বিকশিত কৰি পৰ্যটনক প্ৰভাৱিত কৰাৰ লগতে জনজাতীয় লোকসকলৰ জীৱিকাৰ পথো মুকলি কৰিব। এই আঁচনিয়ে গাঁৱৰ উন্নয়নৰ বাবে ৫ লাখ টকা, প্ৰতিটো পৰিয়ালৰ বাবে নতুন কোঠা নিৰ্মাণৰ বাবে ৫ ...