লোকসভাত কালি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হয়।
উল্লেখযোগ্য যে চলিত বছৰৰ মেত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩৩ ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে অধ্যাদেশ জাৰি কৰিছিল। লোকসভাত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি এই বিধেয়কখন উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত সংস্কাৰ, ফলাফল আৰু ৰূপান্তৰৰ মন্ত্ৰক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা হৈছে।
এই বিধেয়কখন ন্যায়িক সংস্কাৰ প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ত বৃদ্ধি পোৱা বিচৰাধীন গোচৰৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ন্যায়িক ব্যৱস্থা অধিক দক্ষ তথা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এই বিধেয়কখন অনা হৈছে। ইয়াৰ ফলত ন্যায়িক ব্যৱস্থাৰ সামৰ্থ বৃদ্ধি পোৱাৰ লগতে গোচৰ নিষ্পত্তি দ্রুত হব আৰু জনসাধাৰণে উচিত সময়ত ন্যায় লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে ।