কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২০২৯ বৰ্ষলৈ অব্যাহত থাকিব। এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী পৰিয়ালসমূহৰ প্ৰতিগৰাকী লোকে মাহে ৫ কিলোগ্রামকৈ খাদ্য শস্য বিনামূলীয়াকৈ লাভ কৰি আহিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
Assamese | December 3, 2025 4:01 PM | Akashvani | Akashvani News | Loksabha | Parliament Session | Prahlad Joshi
দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী