লোকসভাত আজি লোক পৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ উদ্দেশ্যে আলোচনা কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) আইন ২০২৪ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।
বিধেয়কখনৰ প্ৰতিবন্ধ অনুসৰি অভিযোগনামা দাখিলৰ পাছত ৩ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে বিধেয়কখন দেশৰ যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীৰ কল্যাণ সুৰক্ষাৰ বাবে চৰকাৰৰ দৃঢ় প্রতিজ্ঞাৰ এক অংশ। তেওঁ লগতে কয় যে একে সময়তে ই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নকৰাৰ সংকল্পৰ এক প্ৰতীক। ভাৰতীয় সংসদৰ ইতিহাসত এই বিধেয়ক এক মাইলৰ খুঁটি বুলিও শ্রীসিঙে দাবী কৰে। শ্ৰীসিঙে কংগ্ৰেছ আৰু ইউ পি এ চৰকাৰৰ আমোলত সংঘটিত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৱলী উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত এই সন্দৰ্ভত কোনো সুসংগঠিত আইন নাছিল আৰু দ্রুত ন্যায় নিশ্চিত কৰিবলৈ মোদী চৰকাৰে লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) আইন, ২০২৪ প্রণয়ন কৰিছিল। শেহতীয়া প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিষয়ে অৱগত হৈ প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই আইনত কঠোৰতম সংশোধনী আনিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
আলোচনাত ভাগ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰে যে শিক্ষা খণ্ডক লৈ চৰকাৰ চিন্তিত নহয় আৰু এই সন্দৰ্ভত প্ৰকৃত সংস্কাৰ সাধন কৰিবলৈ চৰকাৰৰ কোনো আগ্রহ নাই। তেওঁ লগতে অভিযোগ কৰে যে এই নতুন বিধেয়কখনে পূৰ্বৰ বিধেয়কৰ এক সংশোধনী মাত্ৰ আৰু ইয়াত কোনো নতুনত্ব নাই।
বিজেপিৰ সাংসদ বাসুৰী স্বৰাজে বিধেয়কখনক ৰূপান্তৰকাৰী পদক্ষেপ বুলি অভিহিত কৰে আৰু স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ই এক সময়োপযোগী পদক্ষেপ বুলি মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে প্ৰশ্নকালকত ফাদিলৰ গোচৰৰ তদন্তৰ বাবে বিধেয়কখনত এক বিশেষ টাস্ক ফোৰ্চ গঠন কৰাৰ ব্যৱস্থা আছে।
সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে আলোচনাত ভাগ লৈ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰে। শ্ৰীযাদৱে কয় যে লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) আইন ২০২৪ ৰূপায়ণ হোৱাৰ পাছতো এই বৰ্ষৰ নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। বিধেয়কখনক সমর্থন কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে পৰীক্ষা স্বচ্ছ হোৱাটো প্ৰতিজন শিক্ষার্থীয়ে কামনা কৰে আৰু সেয়েহে প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ কৰিবলৈ এখন কঠোৰতম আইনৰ প্ৰয়োজন।
ইয়াৰ পূৰ্বে নীটৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনাৰ প্ৰতিবাদত শিক্ষাৰ্থীয়ে কৰা বিক্ষোভত দিল্লী আৰক্ষীৰ ভূমিকাক লৈ আজি সংসদৰ দুয়োখন সদন উত্তপ্ত হৈ উঠে। বিৰোধী পক্ষই কৰা হুলস্থুলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ ২ বজালৈকে স্থগিত ৰাখিবলগীয়া হয়।
দিনৰ ১১ বজাত লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই ২৩ সংখ্যক কমনৱেল্থ গেমছত সোণৰ পদক অৰ্জন কৰা পেৰা এথলিট শর্মিলা ধনকৰক অভিনন্দন জনায়। শ্রী বিৰলাই ৰূপৰ পদক অৰ্জন কৰা সবেশ কুশ্বাৰে, ভাল্লুৰী অজয়া বাবু, জ্ঞানেশ্বৰী যাদৱ, ব্ৰঞ্জৰ পদক অৰ্জন কৰা শিল্পা চাইলা আৰু বিন্দ্যা ৰাণী দেৱীকো অভিনন্দন জনায়। কানাডাত অনুষ্ঠিত বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ জয় কৰা আনাহাত সিঙকো তেওঁ প্ৰশংসা কৰে। অধ্যক্ষ বিৰলাই দেশলৈ সন্মান, গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈৰ লগতে প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ পৰিয়ালৰ লোকসকলকো অভিনন্দন জনায়।
ইয়াৰ পাছত অধ্যক্ষই প্রশ্নোত্তৰ কাল আৰম্ভ কৰাৰ চেষ্টা কৰে, কিন্তু বিৰোধী সদস্যসকললে দিল্লীত আন্দোলন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই কয়, যে সদনৰ কাম-কাজ নিয়াৰিকৈ চলাৰ লগতে ৰাজহুৱা পৰীক্ষাত অনিয়ম প্ৰতিৰোধ সংশোধনী বিধেয়ক, ২০২৬ সন্দৰ্ভত অর্থপূর্ণ বিতর্ক তথা আলোচনা হোৱাত গুৰুত্ব দিয়ে।
একেটা বিষয়তে ৰাজ্যসভাও দিনৰ ২ বজালৈকে স্থগিত হয়। সভাপতি চি পি ৰাধাকৃষ্ণণে শূন্য কাল আৰম্ভ কৰোতেই বিৰোধী সদস্যসকলে দিল্লীৰ ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশয্যক লৈ শ্ল’গান দিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত সভাপতিয়ে দিনৰ ২ বজালৈকে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।