November 10, 2025 6:18 PM

views 78

কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেল্থ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয়, যে এই অঞ্চলটোৱে সক্ৰিয় গণতান্ত্রিক ব্যৱস্থা তথা যোগাযোগ আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁ...

August 21, 2025 5:01 PM

views 63

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্...

August 18, 2025 4:23 PM

views 60

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...

August 4, 2025 8:20 PM

views 62

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

July 23, 2025 9:23 PM

views 50

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ ৰে’লমন্ত্ৰী

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে সকলোবোৰ ৰে’ল ষ্টেচন আৰু যাত্ৰীবাহী ৰে'লত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰু অক্সিজেন চিলিণ্ডাৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ লগতে কয়, যে ৰোগীয়া যাত্ৰী তথা দুৰ্ঘটনাত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰে'লৱে, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেঞ্চস...

July 23, 2025 3:56 PM

views 41

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

■ বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কার্যক্রমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধবনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসু...

April 2, 2025 8:17 PM

views 67

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা অব্যহত

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা চলি আছে। ২০২৪ চনৰ ৮ আগষ্টত ৱাক্‌ফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা ১৩ ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱফ পৰ...

March 28, 2025 8:02 PM

views 54

লোকসভাত আজি সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত

ভাৰতীয় সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন আইন ১৯২৫ ৰ সলনি কৰি আজি লোকসভাত সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত হৈছে। বিধেয়কখনৰ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে কয় যে বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে পূৰ্বৰ আইনখনক সৰল কৰা। আইনখনৰ ধাৰণা সলনি নকৰাকৈ বুজিবলৈ সহজ কৰি তোলা৷ বিধেয়কখনৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বাহকৰ সৈতে জড়িত দায়িত্ব দায়বদ্ধতা, অধিকাৰ আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনে লগতে কেন্দ্ৰীয় চৰকা...

March 25, 2025 8:39 PM

views 41

লোকসভাত আজি বিত্ত বিধেয়ক ২০২৫ গৃহীত

লোকসভাত আজি বিত্ত বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহক ফলপ্রসু কৰি তুলিব বিচৰা হৈছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে কৰাতাসকলৰ সন্মানাৰ্থে আৰু ব্যৱসায় সূচল কৰি তোলাৰ উদ্দেশ্যে বিধেয়খনত অভূতপূৰ্ব কৰ ৰেহাই দিয়া হৈছে। তেওঁ কয় যে নতুন কৰ ব্যৱস্থাৰ অধীনত ১২ লাখ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ প্ৰযোজ্য নহয় সংসদৰ পৰৱৰ্তী বর্ষাকালীন অধিবেশনত নতুন আয়কৰ বিধেয়...

March 25, 2025 8:35 PM

views 51

লোকসভাত আজি বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে বইলাৰ অৰ্থাৎ বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে বইলাৰ যন্ত্ৰসমূহৰ নিয়ন্ত্ৰণ, বইলাৰ যন্ত্ৰৰ বিস্ফোৰণৰ পৰা ধন-জনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত সমগ্ৰ দেশত বইলাৰৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ পঞ্জীয়ন আৰু নিৰীক্ষণৰ বাবে একেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডকে ধৰি বইলাৰ যন্ত্ৰ ব্যৱহাৰ কৰা সকলো ক্ষেত্ৰ এই বিধেয়কখনৰ পৰা উপকৃত হ'ব। বিধেয়কখনত বইলাৰ যন্ত্ৰ ব্যৱহাৰ কৰা ব্যক্তিস...