জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন দিয়া হৈছে। লোকসভাত আজি পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱাটে এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিয়ে জনজাতীয় অঞ্চলত ব্যৱসায়িক আৱাস বিকশিত কৰি পৰ্যটনক প্ৰভাৱিত কৰাৰ লগতে জনজাতীয় লোকসকলৰ জীৱিকাৰ পথো মুকলি কৰিব। এই আঁচনিয়ে গাঁৱৰ উন্নয়নৰ বাবে ৫ লাখ টকা, প্ৰতিটো পৰিয়ালৰ বাবে নতুন কোঠা নিৰ্মাণৰ বাবে ৫ লাখ টকা আৰু প্ৰতিটো পৰিয়ালৰ বৰ্তমানৰ কোঠা পুনৰ নিৰ্মাণৰ বাবে ৩ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | December 1, 2025 9:25 PM | Loksabha
প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন