বেংকার্ড বুক এভিডেন্স বিল অর্থাৎ বেংক বহী সাক্ষ্য বিধেয়ক ২০২৬ গৃহীত হোৱাৰ পাছত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। সদনৰ কাম-কাজ প্ৰথম বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বিধেয়কখন উত্থাপন কৰে।
বেংকৰ বহী সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্রথা অনুযায়ী আইন প্ৰণয়ন কৰাই বিধেয়কখনৰ মূল উদ্দেশ্যে। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ্দেশ্যে উত্থাপন কৰা বিধেয়কখনত বেংকৰ বহীৰ বৈদ্যুতিন আৰু ডিজিটেল তথ্যক বৈধ, গ্রহণযোগ্য আৰু আইনীভাৱে প্ৰযোজ্য সাক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে নিম্ন সদনে কোনো ধৰণৰ আলোচনা অবিহনে বিধেয়কখন গ্ৰহণ কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ সদস্যসকলে অবিৰতভাৱে সদনৰ কাম-কাজ বিঘ্নিত কৰাক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক সুচাৰুৰূপে চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে বিৰোধী পক্ষই সদনৰ কাম-কাজ হোৱাটো নিবিচাৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে বাধাৰ সৃষ্টি কৰি আহিছে। সংসদৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে বিভিন্ন বিধেয়কক লৈ আলোচনাৰ বাবে পর্যাপ্ত সময় নিৰ্ধাৰণ কৰা সত্বেও বিৰোধী পক্ষৰ সদস্যসকলে সহযোগিতা নকৰা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
শ্ৰীৰিজিজুৱে কংগ্ৰেছ, কমিউনিষ্ট আৰু সমাজবাদী পাৰ্টীয়ে ভগৱান ৰামৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ প্রতি অসন্মান কৰিছে বুলি অভিযোগ তোলে। এই দলকেইটাই পূর্বতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলিও তেওঁ দাবী কৰে। মন্ত্ৰীগৰাকীয়ে দলকেইটাই তেওঁলোকৰ মন্তব্যৰ বাবে ক্ষমা খুজিব লাগে বুলি দাবী কৰে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্রশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ, যত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়।
বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কার্ড প্রদর্শন অথবা শ্লোগান দিয়াটো সমীচিন নহয় বুলি উল্লেখ কৰে৷ ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।