উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ বিয়লি ২ বজালৈ স্থগিত

নীটক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগ আৰু আন বিভিন্ন বিষয়কলৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কামকাজ বিয়লি ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।

দিনৰ ১১ বজাত লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সময়ত অধ্যক্ষই প্রশ্নকাল আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে বিৰোধীপক্ষৰ সাংসদসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আতিশয্য চলোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকে এই সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিবৃতি প্রকাশ কৰিব লাগে বুলি দাবী জনায়।

ইয়াকে লৈ বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অধ্যক্ষ ওম বিৰলাই বিষয়টোক লৈ গৃহমন্ত্ৰী অমিত শ্বাহ সঁহাৰি জনাবলৈ প্ৰস্তুত বুলি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি প্ৰকাশ কৰা মন্তব্যৰ প্ৰতি আঙুলিয়াই দিয়ে। বিৰোধী পক্ষৰ দুয়োটা প্রধান দাবীয়েই ইতিমধ্যে মানি লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা প্ৰশ্নকালক সদনৰ অতিশয় গুৰুত্বপূৰ্ণ সময় বুলি অভিহিত কৰি শ্ৰী বিৰলাই সদনৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগ কৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক আহ্বান জনায়। সদনৰ মজিয়ালৈ প্লে কার্ড, বেনাৰ আদি লৈ অহা কাৰ্যই সংসদৰ শালীনতা ভংগ কৰে বুলিও মত প্রকাশ কৰে।

ধাৰাবাহিকভাৱে সদনৰ কাৰ্য ক্রমণিকা ব্যাহত হোৱাটোক উদ্বেগজনক বুলি আখ্যা দি তেওঁ কয়, যে এনেদৰে সদনৰ কাম-কাজ নিতৌ ব্যাহত হোৱা কাৰ্যৰ ফলত তেওঁ ব্যক্তিগতভাৱে দুখ অনুভৱ কৰিছে।

ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰিবলগীয়া হৈ আছে বুলি উল্লেখ কৰি এই কাম সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগিতা আগবঢ়াবলৈ বিৰোধী পক্ষৰ সদস্যসকলক অধ্যক্ষগৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনোৱা সত্বেও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত তেওঁ বিয়লি দুই বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

একেটা বিষয়কে লৈ ৰাজ্যসভাতো বিয়লি দুই বজালৈ কাৰ্য ক্রমণিকা স্থগিত ৰাখিবলগীয়া হয়। দুপৰীয়া ১২ বজাত প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দ্বিতীয়বাৰৰ বাবে কামকাজ আৰম্ভ হোৱা সময়ত বিৰোধী পক্ষৰ হুলস্থূলৰ মাজত ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণণে প্রশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী সাংসদসকলে অবিৰতভাৱে শ্লোগান দি থকাৰ ফলত তেওঁ ব্যর্থ হয়।

ইয়াৰ মাজতে নতুন নৱীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ য়েছো নায়কে এটা বিভাগীয় প্রশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে যদিও হুলস্থূলৰ বাবে তেওঁ উত্তৰ দান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেদৰে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সভাপতিয়ে অৱশেষত বিয়লি দুই বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়।

ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন প্রথমবাৰ মিলিত হোৱাৰ সময়ত একাধিক মন্ত্ৰীয়ে তেওঁলোকৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিভিন্ন তথ্যপাতি সদনত দাখিল কৰে। গৃহ আৰু নগৰ পৰিক্রমা, গ্রামোন্নয়ন আৰু পঞ্চায়তীৰাজ, পৰিবহন, পর্যটন আৰু সংস্কৃতি, সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ সৈতে জড়িত সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনসমূহ সদনত দাখিল কৰাৰ পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতি ৰাধাকৃষ্ণণে শূন্য কাল আৰম্ভ কৰে।

সেই সময়তে বিজেডিৰ সাংসদ ড০ সন্তুপ্ত মিশ্ৰই এটা বিষয় উত্থাপন কৰে যদিও হুলস্থুলৰ ফলত দুপৰীয়া ১২ বজালৈ সদন স্থগিত ৰাখিবলগীয়া হয়।