September 29, 2026 4:59 PM

views 3

ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১০ খন, আৰু উত্তৰাখণ্ডৰ এখন আসন আছে। বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, বি এল বার্মা, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, বি এছ পিৰ ৰামজীকে ধৰি আন ৬ গৰাকী সাংসদে ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। উত্তৰাখণ্ডৰ পৰা নৰেশ বাঞ্চালেও ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। নির্বাচন আয়োগে পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আসনৰ উপ নির্বাচনৰ বাবেও অধিসূচনা জাৰি কৰিছে। টি এম চিৰ সাংসদ ৰুক্মি...

August 13, 2026 5:42 PM

views 20

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিবেশনত লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৬, ন্যায়াধীকৰণ সংশোধনী বিধেয়ক ২০২৬, কৰাৰোপন আৰু অন্য আইন সংশোধনী বিধেয়ক ২০২৬, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী ব...

August 11, 2026 2:53 PM

views 26

উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ বিয়লি ২ বজালৈ স্থগিত

নীটক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগ আৰু আন বিভিন্ন বিষয়কলৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কামকাজ বিয়লি ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ১১ বজাত লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সময়ত অধ্যক্ষই প্রশ্নকাল আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে বিৰোধীপক্ষৰ সাংসদসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আতিশয্য চলোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকে এই সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিবৃতি প্রকাশ কৰিব লাগে বুলি দাবী জনায়। ইয়াকে লৈ...

August 4, 2026 9:55 AM

views 28

ৰাজ্যসভাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাজ্যসভাত কালি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে।  ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব ৷ বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ উদ্যোগে এম এছ এম ইৰ পৰা সামগ্ৰী বা সেৱা কৰৰ বাবে সকলো চালান টেড ৰিছিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব।  বিধেয়কখনত উল্লেখ কৰা মতে, বি...

August 3, 2026 9:50 PM

views 19

ৰাজ্যসভাত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ-উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাজ্যসভাত আজি ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে।  ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব। বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ উদ্যোগে এম এছ এম ইৰ পৰা সামগ্ৰী বা সেৱা কৰৰ বাবে সকলো চালান ট্রেড ৰিছিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব। বিধেয়কখনত উল্লেখ কৰা মতে, বিবা...

July 29, 2026 10:12 PM

views 23

ৰাজ্যসভাত ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক ২০২৬ আজি ৰাজ্যসভাত গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতি অপমান প্ৰতিৰোধ আইনখনক সংশোধন কৰিব বিচৰা হৈছে। প্ৰস্তাৱিত বিধেয়কখনত বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ সমান সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব বিচৰা হৈছে। বিধেয়কখনত এনে অপৰাধৰ বাবে ৩ বছৰ কাৰাদণ্ড, জৰিমণা বা উভয় প্ৰকাৰৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । বিধেয়কখন সন্দৰ্ভত উচ্চ সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে বি...

December 3, 2025 12:03 PM

views 54

৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ কালি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গঠিত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কাইলৈ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আ...

October 30, 2025 12:54 PM

views 62

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ ৰাজ্যসভাৰ উপাধ্যক্ষৰ

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে কালি নতুন দিল্লীৰ সংসদ ভৱনত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ কৰে। বৈঠকত দুয়োপক্ষই ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ মুক্ত বাণিজ্য চুক্তি অতি সোনকালে স্বাক্ষৰিত হ'ব বুলি আশা প্রকাশ কৰে। বৈঠকত ৰাজ্যসভাৰ উপাধ্যক্ষগৰাকীয়ে পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ নৃশংস হত্যাকাণ্ডৰ পাছত জুনত ব্রাচেলছলৈ সংসদৰ সৰ্বদলীয় প্রতিনিধি দলৰ ভ্ৰমণৰ কথা সুঁৱৰে। উভয় পক্ষৰ মাজত চলি থকা নিয়মীয়া সংসদীয় বিনিময়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ সহযোগিতা ত্বৰান্বিত...

August 21, 2025 5:01 PM

views 68

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্...

August 18, 2025 4:23 PM

views 65

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...