August 4, 2026 9:55 AM | MSME | Rajya Sabha

printer

ৰাজ্যসভাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাজ্যসভাত কালি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। 

ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ’ব ৷ বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ উদ্যোগে এম এছ এম ইৰ পৰা সামগ্ৰী বা সেৱা কৰৰ বাবে সকলো চালান টেড ৰিছিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব। 

বিধেয়কখনত উল্লেখ কৰা মতে, বিবাদৰ ক্ষেত্ৰত মধ্যস্থতা বিফল হ’লে নিৰ্দিষ্ট তাৰিখৰ পৰা এমাহৰ ভিতৰত মীমাংসাৰ বাবে প্ৰেৰণ কৰিব লাগিব। আবেদন সম্পূৰ্ণ কৰাৰ ৩ মাহৰ ভিতৰত ৰায় দিব লাগিব। ছমাহতকৈ অধিক সময় বিচৰাধীন হৈ থকা গোচৰৰ ক্ষেত্ৰত উল্লেখিত ধনৰ ৫০ শতাংশ আদায়দিব লাগিব বুলিও কোৱা হৈছে।