September 4, 2026 12:57 PM

views 34

বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্রশংসা

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কালি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্রশংসা কৰিছে।  নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কর্মশালাত অধ্যক্ষতা কৰি শ্রীগোৱেলে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰ কৰা এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতক বৃহৎ ৰপ্তানীকাৰী দেশ হিচাপে গঢ় দি তুলিব বুলি আস্থা প্রকাশ কৰে। তেওঁ কয় যে সমগ্র বিশ্বতে দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই ...

August 11, 2026 2:44 PM

views 21

ক্ষুদ্র, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ক্ষুদ্র, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভ কৰা সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণ আৰু বিশ্ব বজাৰ লাভ কৰাত সহায়ক হোৱাকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা সামগ্ৰীৰ মান নিশ্চিত কৰা, ভৌগোলিক সূচক থকা সামগ্ৰীসমূহৰ ডিজিটেল প্ৰসাৰ আৰু বহল বজাৰ লাভ কৰাত সহায় কৰাৰ লগতে এখন জিলা, এবিধ সামগ্রী শীৰ্ষক ধাৰণা কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাৰ অধীনত ভাৰত জি আই বেনাৰৰ অধীনত জি আই টেগযুক্ত অর্থাৎ ভৌগোলিক সূচক থকা সামগ্রীসমূহ আ...

August 4, 2026 9:55 AM

views 29

ৰাজ্যসভাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাজ্যসভাত কালি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে।  ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব ৷ বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহুৱা খণ্ডৰ উদ্যোগে এম এছ এম ইৰ পৰা সামগ্ৰী বা সেৱা কৰৰ বাবে সকলো চালান টেড ৰিছিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব।  বিধেয়কখনত উল্লেখ কৰা মতে, বি...

January 19, 2026 7:42 PM

views 67

কেন্দ্ৰীয় চৰকাৰে ৫২ হাজাৰ ৩০০ কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে

কেন্দ্ৰীয় চৰকাৰে ৫২ হাজাৰ ৩০০ কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে বুলি কেন্দ্ৰীয় বিত্ত বিভাগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজহাৱা খণ্ডৰ বেংকসমূহে নিৰ্দিষ্ট আৰ্হিত গ্ৰাহকৰ ক্রেডিট স্কৰৰ ভিত্তিত ডিজিটেল ব্যৱস্থাৰে আগবঢ়োৱা এই আবেদনসমূহত যোৱা বছৰৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত মঞ্জুৰি প্ৰদান কৰিছে। বিত্ত বিভাগে জানিবলৈ দিয়া মতে গ্ৰাহকৰ কে ৱাই চি, মোবাইল নম্বৰ, ইমেইল, জি এছ টি, বেংকৰ খাটা-বহী বিশ্লেষণ আৰু আয়কৰৰ সত্য নিৰূপণৰ ভিত্তিত এই আবেদনসমূহ গ্...

November 17, 2025 8:03 PM

views 65

ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে

কেন্দ্রীয় মাইক্র', ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জীতন ৰাম মাঞ্জীয়ে কয় যে ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এমএছএমই পেভিলিয়ন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এমএছএমইসমূহে সমগ্র দেশতে এতিয়ালৈকে ৩০ কোটিৰো অধিক লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰিছে আৰু চৰকাৰে অহা পাঁচ বছৰত প্রায় ৬০ কোটি কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰো লক্ষ্য লৈছে। মন্ত্ৰীগ...

March 24, 2025 11:14 AM

views 66

টাৰ্ণঅভাৰ আৰু বিনিয়োগ সমিতিৰ সংশোধনৰ অধিসূচনা জাৰি

চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ শ্ৰেণীভুক্ত কৰাৰ বাবে টাৰ্ণঅভাৰ আৰু বিনিয়োগ সমিতিৰ উল্লেখযোগ্য সংশোধনৰ বিষয়ে অধিসূচনা জাৰি কৰিছে। এই সংশোধন পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। আঢ়ৈ কোটি টকা বিনিয়োগ কৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগক ক্ষুদ্র উদ্যোগ হিচাপে শ্রেণীভুক্ত কৰা হ'ব। প্ৰথমে এই শ্ৰেণীৰ উদ্যোগৰ বাবে বিনিয়োগ সীমা আছিল এক কোটি টকা। এইদৰে টাৰ্ণঅভাৰৰ সীমা ৫ কোটিৰ পৰা ১০ কোটিলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ ১০ কোটি টকাৰ ঠাইত ২৫ কোটি বিনিয়োগ কৰা উদ্যোগবোৰক ক্ষুদ্ৰ উদ্যোগৰূপে শ্ৰেণীভুক্ত কৰা...

August 25, 2024 10:56 AM

views 98

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত চৰকাৰৰ মনোনিবেশ

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত মনোনিবেশ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয়ৰে অর্ধপৰিবাহী প্ৰকল্পৰ নিৰ্মাণৰ কাম অব্যাহত আছে। ইয়াৰ ফলত ১৮ হাজাৰৰো অধিক লোকৰ কৰ্মসংস্থাপন হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডাঃ লক্ষ্মনন এছ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ইয়াৰ ফলত বৰ্তমান সময়ত বিদেশৰ পৰা আমদানি কৰা অৰ্ধপৰিবাহী সামগ্রী পৰিৱৰ্তে আমাৰ দেশত নির...