September 4, 2026 12:57 PM | MSME | Piyush Goel

printer

বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্রশংসা

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কালি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাষিকত ৭.৮ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্রশংসা কৰিছে।

 নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কর্মশালাত অধ্যক্ষতা কৰি শ্রীগোৱেলে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰ কৰা এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতক বৃহৎ ৰপ্তানীকাৰী দেশ হিচাপে গঢ় দি তুলিব বুলি আস্থা প্রকাশ কৰে। তেওঁ কয় যে সমগ্র বিশ্বতে দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই মুক্ত বাণিজ্য চুক্তিয়ে বিশেষ সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।