অসম ৰাজ্যিক MSME উৎকৰ্ষতা বঁটা, ২০২৬-২৭ৰ বাবে যোগ্য ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ পৰা ১৫ টা শ্ৰেণীত আবেদন বিচৰা হৈছে। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ যৌথ উদ্যোগত এই বঁটা প্ৰদান কৰা হ’ব। উদ্যম পঞ্জীয়নভুক্ত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহে নিকটৱৰ্তী জিলা, উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে এই বঁটাৰ বাবে আবেদন পত্র দাখিল কৰিব পাৰিব। অহা ৩০ নৱেম্বৰ আবেদন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ।
Assamese | October 31, 2026 12:07 PM | MSME
অসম ৰাজ্যিক MSME উৎকৰ্ষতা বঁটা, ২০২৬-২৭ ৰ বাবে আবেদন আহ্বান